অসম

assam

ETV Bharat / bharat

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ - 2022 চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচন

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ মুখ্য উপদেষ্টা পদ ত্যাগ কৰিছে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ৷ ৰাজহুৱা জীৱনত সক্ৰিয় ভূমিকাৰ পৰা অস্থায়ী বিৰতি ল'ব বিচৰা বুলি উল্লেখ কৰি প্ৰশান্ত কিশোৰে এই পদৰ পৰা অব্যাহতি লয় ৷

prashant kishor resigns as principal advisor to punjab cm
পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ

By

Published : Aug 5, 2021, 1:56 PM IST

নেশ্যনেল ডেস্ক, 5 আগষ্ট :শেহতীয়াকৈ প্ৰশান্ত কিশোৰৰ দ্বাৰা পৰিচালিত I-PACৰ বহুকেইগৰাকী সদস্যক আগৰতলাৰ এখন ব্যক্তিগত হোটেলৰ পৰা আটক কৰাৰ ঘটনাই ৰাজনৈতিক মহল তোলপাৰ লগাই থকাৰ মাজতে সকলোকে হতচকিত কৰি নিৰ্বাচনী ৰণনীতিবিদ গৰাকীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ মুখ্য উপদেষ্টা পদ ত্যাগ কৰিছে ৷ ৰাজহুৱা জীৱনত সক্ৰিয় ভূমিকাৰ পৰা অস্থায়ী অব্যাহতি ল'ব বিচৰা বুলি জানিবলৈ দি বৃহস্পতিবাৰে প্ৰশান্ত কিশোৰে অমৰিন্দৰ সিঙৰ মুখ্য উপদেষ্টা পদ ত্যাগ কৰে ৷

2022 চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশান্ত কিশোৰৰ এই পদক্ষেপ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ অৱশ্যে অমৰিন্দৰ সিঙলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত এতিয়াও ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই বুলি কিশোৰে উল্লেখ কৰিছে ৷

ৰাজহুৱা জীৱনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ পৰা অস্থায়ী বিৰতি লোৱাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে সিঙৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্বভাৰ গ্ৰহণত ব্যৰ্থ হৈছে বুলি তেওঁ পত্ৰখনত উল্লেখ কৰে ৷ ভৱিষৎ কাৰ্যপন্থা সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰি দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে আহ্বান জনাই কিশোৰে পত্ৰখনত এইবুলি উল্লেখ কৰে, "Since I am yet to decide on my future course of action, I write to request you to kindly relieve me from this responsibility. I take this opportunity to thank you for considering me for this position."

নিৰ্বাচনী ৰণনীতিবিদগৰাকীয়ে কংগ্ৰেছ দলত এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে কিশোৰৰ এই সিদ্ধান্ত নিশ্চয়কৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, 2024 ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ মজিয়াত কংগ্ৰেছে ৰণনীতিবিদজনৰ বাবে এক আনুষ্ঠানিক ভূমিকাৰ অন্বেষণত আছে ৷

লগতে পঢ়ক:সংসদক মাছৰ বজাৰলৈ পৰিণত নকৰিব: মুখতাৰ আব্বাছ নকভি

ABOUT THE AUTHOR

...view details