নিউজ ডেস্ক, 17 এপ্ৰিল: কৰ’ণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ প্ৰকাশ জাভেদকাৰ ৷ শুকুৰবাৰে টুইট যোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতে তেখেতে বিগত দুই তিনি দিনৰ ভিতৰত নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক নিজৰ কৰ’ণাৰ পৰীক্ষা কৰাবলৈ আহ্বান জনায় ৷
নিজৰ টুইটত প্ৰকাশ জাভেদকাৰে লিখিছে যে, " মোৰ শৰীৰত আজি ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ বিগত দুই-তিনিদিনৰ ভিতৰত যিসকল মোৰ সংস্পৰ্শলৈ আহিছে, তেওঁলোকে অনুগ্ৰহক কৰি নিজৰ পৰীক্ষা কৰাই লওঁক ৷ "