অসম

assam

ETV Bharat / bharat

Nepal PM India visit : আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে

নেপালৰ প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ ভাৰত ভ্ৰমণ (Nepal PM in India)। দ্বিপাক্ষিক আলোচনাত সীমান্ত সমস্যাৰ উপৰিও বাণিজ্য আৰু শক্তি বিনিয়োগৰ বিষয়সমূহে স্থান পাব । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাতৰ সময়ত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা ।

Nepal PM India visit
প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব পুষ্প কমল দাহালে

By

Published : Jun 1, 2023, 10:00 AM IST

নেশ্যনেল ডেস্ক,১ জুন :চাৰিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে অসমত উপস্থিত হৈছে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড (Nepal PM Prachanda India visit)। কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰী দাহালৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত ভাৰতৰ সৈতে নেপালৰ বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ জোৰ দিব বুলি আশা কৰা হৈছে ।

সূত্ৰৰ মতে বাংলাদেশক বিদ্যুৎ বিক্ৰীৰ বাবে ভাৰতীয় পথৰ জৰিয়তে নেপালে শক্তি পৰিবহণ বাণিজ্যৰ বিষয়টো আলোচনা কৰিব । কিয়নো নেপাল আৰু বাংলাদেশে ভাৰতক শক্তি পৰিবহণ বাণিজ্যৰ অনুমতি দিবলৈ জোৰ দি আহিছে । দ্বিপাক্ষিক আলোচনাৰ সময়ত শক্তিৰ ক্ষেত্ৰত কিছুমান চুক্তি চূড়ান্ত হোৱাৰো সম্ভাৱনা আছে ।

ইফালে প্ৰধানমন্ত্ৰী দাহালে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ'ব (Prachanda to meet PM Modi)। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ভাৰতীয় বৈদেশিক সচিব বিনয় মোহন কাৱাট্ৰাকে ধৰি আন কেইবাগৰাকী ব্যক্তিক সাক্ষাৎ কৰিব ।

দাহালে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে । দাহাল আৰু মোডীয়ে দুয়োখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ লক্ষ্যৰে এটা ৰে'লৱে য়াৰ্ড আৰু সম্প্ৰসাৰিত ৰে'ল সংযোগ দূৰৱৰ্তীভাৱে উদ্বোধন (Remotely inaugurate) কৰিব বুলি আশা কৰা হৈছে ।

ইটিভি ভাৰতৰ সন্মুখত প্ৰাক্তন ৰাষ্ট্ৰদূত মনজীৱ সিং পুৰীয়ে কয় যে দাহালৰ এই ভ্ৰমণৰ ফলত ভাৰত আৰু নেপালৰ মাজত শক্তি, বাণিজ্য আৰু শক্তি খণ্ডত ফলপ্ৰসূ ফলাফল দেখা যাব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নেপালে ভাৰতক এখন বৃহৎ বজাৰ হিচাপে বিবেচনা কৰে আৰু নেপালে জলবিদ্যুৎ খণ্ডত অধিক ভাৰতীয় বিনিয়োগৰ সম্ভাৱনা অন্বেষণ কৰিব । চীনৰ বৰ্ধিত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ই অতি গুৰুত্বপূৰ্ণ বুলিও প্ৰাক্তন কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে (India and Nepal relation)।

পুৰীয়ে লগতে কয় যে ভাৰত আৰু নেপালৰ মাজত সীমান্ত সমস্যাটোও ভ্ৰমণৰ সময়ত আলোচনাৰ বিষয় হ'ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়ে তেওঁৰ আগমনৰ সময়ত প্ৰচণ্ডক উষ্ম আদৰণি জনায় ।

উল্লেখ্য যে দাহালৰ ভাৰত ভ্ৰমণৰ পূৰ্বে দেওবাৰে নেপালে ভাৰতৰ সতলুজ জল বিদ্যুৎ নিগম (এছজেভিএন) লিমিটেডক দেশখনত দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প বিকশিত কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লয় । বৰ্তমান, ভাৰত চৰকাৰে ৯০০ মেগাৱাটৰ অৰুণ-৩ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে । যিটো পূৱ নেপালৰ অৰুণ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :Nepal PM Visit: চাৰিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details