ইম্ফল, 5 মে’:বৃহস্পতিবাৰে এটা শক্তিশালী আই ই ডি বিস্ফোৰণে(Improvise Explosive Device) কঁপাই তোলে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰ(Powerful bomb exploded in Manipur) । পশ্চিম ইম্ফলৰ নাগামাপাল লামাবাম লেইকাই অঞ্চলত আজি পুৱা সংঘটিত হয় উক্ত বিস্ফোৰণ(Bomb Blast in Manipur) । অৱশ্যে বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।
লেইকাই লেইৰাক মেচিনত অৱস্থিত সচিতা কাৰ হাউচ নামৰ এখন গাড়ীৰ স্পেয়াৰ পাৰ্টছ আৰু আনুষংগিক সামগ্ৰীৰ দোকান এখনৰ সন্মুখত পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় উক্ত বিস্ফোৰণটো । আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সচিতা কাৰ হাউচৰ স্বত্বাধিকাৰী মন্ত্ৰীপুখুৰীৰ বাসিন্দা প্ৰকাশ চেত্ৰী(46) ৷