নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ :আদানি গ্ৰুপৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ব্যৱসায়ী গৌতম আদানিৰ ওপৰত স্থিতি স্পষ্ট কৰিবলৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনালে ৰাহুল গান্ধীয়ে । বিদেশী ব্যৱসায়িক লেনদেনৰ জৰিয়তে ভাৰতৰ দৰিদ্ৰ নাগৰিকৰ ২০,০০০ কোটি টকা লুণ্ঠন কৰা আদানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি সাহস দেখুৱাবলৈ প্ৰধানমন্ত্ৰীক দাবী জনাই ৰাহুল গান্ধীয়ে ।
ৰাহুল গান্ধীয়ে লগতে কয় যে ২০২৪ চনত শাসনলৈ অহাৰ পাছতে কংগ্ৰেছে কোটিপতিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব । তেওঁৰ দাবীৰ প্ৰমাণ কৰিবলৈ ৰাহুল গান্ধীয়ে দিল্লীত এখন সংবাদমেলত 'আদানি আৰু ৰহস্যজনক কয়লাৰ মূল্যবৃদ্ধি' সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰে ।
ৰাহুল গান্ধীৰ মতে আদানিয়ে ইণ্ডোনেছিয়াৰ পৰা কয়লা ক্ৰয় কৰে আৰু কয়লা ভাৰত আহি পোৱাৰ লগে লগে ইয়াৰ মূল্য দুগুণ হয় । দেশত বিদ্যুতৰ মূল্য বাঢ়ি গৈ আছে । আদানিয়ে আটাইতকৈ দৰিদ্ৰ লোকৰ পৰা ধন লয় । এয়া পোনপটীয়া চুৰিকাৰ্য বুলিও ৰাহুল গান্ধীয়ে অভিযোগ কৰে । গান্ধীয়ে আদানি প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে আৰু দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে আদানিক সুৰক্ষা প্ৰদান কৰি আছে । কোটিপতি ব্যৱসায়ী গৌতম আদানিয়ে ভাৰতৰ জনসাধাৰণৰ উত্তৰ দিব লাগিব বুলিও তেওঁ দাবী কৰে ।