নেশ্য়নেল ডেস্ক, ২৪ছেপ্টেম্বৰ:বান্দৰৰ অতপালিৰ কাৰণে অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি জিলাৰ জলবিদ্যুৎ প্ৰকল্পৰ অভিযন্তা আৰু কৰ্মচাৰীসকলে হাবু-ডুবু খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে (hydropower plant in Alluri district)। উল্লেখ্য় যে জিলাখনৰ চিলেৰু জলবিদ্যুৎ কেন্দ্ৰত উৎপাদন কৰা হয় বিদ্যুৎ । উৎপাদনৰ পিছত চুইচয়াৰ্ডৰ জৰিয়তে অন্যান্য ফিডাৰলৈ শক্তি যোগান ধৰা হয় । কিন্তু শুক্ৰবাৰে পুৱা ৬ বজাত গোটেই চহৰখনলৈ বিদ্যুৎ যোগান হঠাতে বন্ধ হৈ পৰে ।
বিদ্যুৎ যোগান হঠাতে বন্ধ হোৱাত অভিযন্তা আৰু শ্ৰমিকসকল বিদ্যুৎ কেন্দ্ৰলৈ ঢাপলি মেলে । তেওঁলোকে তাত উপস্থিত হৈ বান্দৰৰ বাবেই বিদ্যুৎ সংযোগ ব্য়াহত হোৱা বুলি জানিব পাৰে । দুটা বান্দৰ চুইচয়াৰ্ড বৈদ্যুতিক তাঁৰত পৰাৰ পিছতেই বিদ্যুৎ যোগান হঠাতে বন্ধ হৈ পৰে । ঘটনাটোৰ ফলত একেলগে উচ্চ ভল্টেজ অহাৰ ফলতেই বিদ্যুৎ যোগান হঠাতে বন্ধ হৈ পৰে যদিও অভিযন্তা আৰু শ্ৰমিকসকলে অগ্নিদ্বগ্ধ ইনচুলেটৰ আৰু ট্ৰেন্সফৰ্মাৰবোৰ মেৰামতি কৰাৰ অন্তত বিদ্য়ুৎ যোগান স্বাভাৱিক হয় । উচ্চ ক্ষমতাসম্পন্ন তাঁৰত পৰাৰ ফলত বান্দৰ দুটা বিদ্যুৎস্পৃষ্ট (monkeys fell on the switchyard electrical wires) হোৱা বুলি বিভাগীয় কতৃপক্ষই সদৰি কৰিছে ।