অসম

assam

ETV Bharat / bharat

পুত্ৰৰ মৃতদেহ পাবলৈ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছে এটি দম্পতীয়ে - দুৱাৰে দুৱাৰে ধন ভিক্ষা মাগিছে এটা দম্পতীয়ে

পুত্ৰৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গৰ পৰা আনিবলৈ দুৱাৰে দুৱাৰে ধন ভিক্ষা মাগিছে এটা দম্পতীয়ে (Postmortem Worker Asked 50 Thousand For Dead Body) ৷ মৰ্গৰ কৰ্মচাৰীয়ে মৃতদেহ চমজাই দিয়াৰ বাবে স্বামী-স্ত্ৰী হালৰ পৰা বিচাৰিছে 50 হাজাৰ টকা ৷

Postmortem Worker Asked 50 Thousand For Dead Body
Postmortem Worker Asked 50 Thousand For Dead Body

By

Published : Jun 9, 2022, 10:22 PM IST

নিউজ ডেস্ক, 9 জুন: বিহাৰৰ সমষ্টিপুৰ জিলাত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা ৷ পুত্ৰৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গৰ পৰা আনিবলৈ প্ৰয়োজনীয় ধন বিচাৰি দুৱাৰে দুৱাৰে ভিক্ষা মাগিছে এটা দম্পতীয়ে ৷ আশ্চৰ্যজনকভাৱে মৰ্গৰ কৰ্মচাৰীয়ে মৃতদেহ চমজাই দিয়াৰ বাবে স্বামী-স্ত্ৰী হালৰ পৰা বিচাৰিছে 50 হাজাৰ টকা (Postmortem Worker Asked 50 Thousand For Dead Body) ৷ দম্পতীটোৱে ভিক্ষা মাগি ফুৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতে জিলাখনৰ উপায়ুক্তই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৷

জানিব পৰা মতে, তাজপুৰ থানাৰ অধীনৰ আহৰ গাঁৱৰ বাসিন্দা মহেশ ঠাকুৰৰ মানসিকভাৱে অস্থিৰ পুত্ৰ যোৱা 25 মে’ৰ পৰা সন্ধানহীন হৈ আছিল ৷ পৰিয়ালৰ লোকে বহু সন্ধান কৰিও বিচাৰি পোৱা নাছিল 25 বছৰীয়া যুৱকজনক ৷ যোৱা 7 জুনত তেওঁলোকে খবৰ লাভ কৰে যে, মুসৰীঘৰাৰী থানাৰ অধীনৰ এক স্থানত এজন অচিনাক্ত যুৱকৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷

খবৰ পোৱা মাত্ৰেই থানালৈ ঢাপলি মেলিলে মহেশ ঠাকুৰ আৰু পৰিয়ালৰ লোক ৷ কিন্তু থানাৰ পৰা জনোৱা হয় যে, ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ তাৰ পাচতেই চিকিৎসালয়ত আহি দম্পতীটোৱে নিজৰ পুত্ৰৰ মৃতদেহটো বিচাৰে ৷ কিন্তু মৰ্গৰ কৰ্মীয়ে মৃতদেহটো চমজাই দিবলৈ অস্বীকাৰ কৰে ৷

অভিযোগ মতে, মৃতদেহ চিনাক্তকৰণৰ পাচত কৰ্মীসকলে 50 হাজাৰ টকা দাবী কৰে পৰিয়ালটোক ৷ কিন্তু মৃতদেহ সৎকাৰৰ বাবেও আৰ্থিক সমল নথকা পৰিয়ালটোৰ বাবে এয়া সম্ভৱ নাছিল ৷ কিন্তু নাচোৰবান্দা মৰ্গৰ কৰ্মী ৷ উপাহীন হৈ দুৱাৰে দুৱাৰে ভিক্ষা মাগিবলৈ বাধ্য হয় পৰিয়ালটো (helpless parents begging in samastipur) ৷ অৱশ্যে মৰ্গৰ কৰ্মীয়ে অস্বীকাৰ কৰিছে এই কথা ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক :আঘাতপ্ৰাপ্ত বান্দৰ নিজেই কাষ চাপিল চিকিৎসকৰ

ABOUT THE AUTHOR

...view details