নেচনেল ডেস্ক, 4 এপ্ৰিল :সচৰাচৰ কোৱা হয় জন্ম, মৃত্যু আৰু বিবাহ কাৰো হাতত নাথাকে ৷ তথাপিও প্ৰত্যেকৰে জীৱনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচিত হৈ আহিছে বিবাহ ৷ নিজৰ জীৱনৰ এই অধ্যায়টো স্মৰণীয় কৰি ৰাখিবলৈয়ে তাহানিৰে পৰা চলি আহিছে ফটোৰ পৰম্পৰা ৷ বৰ্তমান এই পৰম্পৰা আৰু এখোপ বাঢ়ি আৰম্ভ হৈছে প্ৰি-ৱেডিং অথবা পোষ্ট-ওৱেডিং ফটোশ্বুটৰ ট্ৰেণ্ড ৷
শেহতীয়াকৈ, অসম মুলুকতো যথেষ্ট জনপ্ৰিয় হৈছে এই ট্ৰেণ্ড ৷ বিয়াৰ আগৰে পৰা বিয়াৰ পিছৰ কিছুমান গুৰুত্বপূৰ্ণ মূহুৰ্ত যুগমীয়া কৰি ৰাখিবলৈ দৰা-কইনাই ভাগ লৈছে এই ফটোশ্বুটত ৷ এনে সময়তে, এখন বিয়াৰ পোষ্ট ওৱেডিং ফটোশ্বুটত এতিয়া সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Post wedding shoot turns tragic) ৷ কেৰালাৰ কোজিকোডৰ ওচৰৰ কুট্টিয়াদীত এক নৱবিবাহিত দম্পত্তী ফটোশ্বুটৰ সময়তে নদীৰ পানীত ডুব যায় ।