অসম

assam

ETV Bharat / bharat

BJP to attack Rahul: ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াত অসন্তুষ্ট শাসকীয় বিজেপি

উচ্চতম ন্যায়ালয়ে সকাহ দিয়া ৰাহুল গান্ধীক বিজেপিয়ে আক্ৰমণৰ লক্ষ্য আগত ৰাখিছে । লোকসভা আৰু ৰাজ্যসভাত ৰাহুল গান্ধীকে ধৰি মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহক শাসকীয় পক্ষই আক্ৰমণ কৰিব । ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰা হৈছে ।

By

Published : Aug 6, 2023, 2:01 PM IST

BJP to attack Rahul
ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াত অসন্তুষ্ট শাসকীয় বিজেপি

নেশ্যনেল ডেস্ক, ৬ আগষ্ট :উচ্চতম ন্যায়ালয়ে 'মোডী উপাধি' মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সকাহ প্ৰদান কৰাৰ পাছতে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উৎসাহ দেখুৱাইছে । কিন্তু সন্তুষ্ট হোৱা নাই শাসকীয় বিজেপি । বিৰোধীক প্ৰতিহত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীক আক্ৰমণৰ ৰণনীতিও প্ৰস্তুত কৰিছে বিজেপিয়ে ।

বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই কোৱা মতে দলটোৱে শীৰ্ষ ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত কোনো মন্তব্য নকৰে । কিন্তু এতিয়া নিশ্চিতভাৱে ৰাহুল গান্ধীক প্ৰশ্ন কৰা হ'ব । উচ্চতম ন্যায়ালয় সম্পৰ্কে তেওঁ কি ভাবে, ৰামলীলা ময়দানৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশত আৰু আনকি লণ্ডন আৰু আমেৰিকাটো তেওঁ যি মন্তব্য কৰিছিল সেই সম্পৰ্ক প্ৰশ্ন কৰা হ'ব ।

তেওঁ লগতে কয় যে, দোষী সাব্যস্ত হোৱাৰ সময়ত দেশৰ ন্যায়পালিকা আৰু অন্যান্য সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ স্বাধীনতা আৰু ভাৰতত গণতন্ত্ৰ সম্পৰ্কে তেওঁ নিৰন্তৰ অপমানজনক মন্তব্য কৰি আছিল । তেওঁক সকাহ প্ৰদান কৰাৰ পাছতে সেইবোৰৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী কি হ'ব সেই বিষয়ে প্ৰশ্ন কৰা হ'ব ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়াৰ সময়ত ৰাহুল গান্ধীৰ দ্বৈত চৰিত্ৰক লক্ষ্য কৰি লয় । তেওঁ কয় যে, যেতিয়া আদালতে তেওঁক শাস্তি দিয়ে, তেতিয়া তেওঁ ইয়াক সমালোচনা কৰে আৰু যেতিয়া শাস্তি স্থগিত ৰখা হয়, তেতিয়া ইয়াক সত্য আৰু ন্যায় বুলি কয় । যদি এয়া দ্বৈত চৰিত্ৰ নহয় তেনেহ'লে কি বুলি তেওঁ প্ৰশ্ন কৰে । সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম সপ্তাহ আৰম্ভ হ'ব । জানিব পৰা মতে বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ দ্বৈত মন্তব্য সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভাত ৰাহুল গান্ধী আৰু কংগ্ৰেছক আক্ৰমণ কৰিব ।

ইফালে ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনাৰ মাজতে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত মঙলবাৰে লোকসভাত আলোচনা কৰিব । সূত্ৰৰ মতে বিজেপিয়ে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত সদনত দলটোক সমৰ্থন কৰা নেতাসকলৰ তালিকাত ১২ খনতকৈও অধিক ৰাজ্যৰ সাংসদক অন্তৰ্ভুক্ত কৰিছে । নেতাসকলৰ তালিকাত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাৰ দৰে নিৰ্বাচনমুখী ৰাজ্যৰ লগতে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিজেপি সাংসদ আৰু মন্ত্ৰীসকল অন্তৰ্ভুক্ত আছে ।

সূত্ৰৰ মতে বিজেপিৰ হৈ লোকসভাত বক্তব্য ৰাখিব লগা সাংসদসকলেও ৰাহুল গান্ধীক তেওঁৰ পুৰণি বক্তব্য আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছত দিয়া বিবৃতি সন্দৰ্ভত আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাইছে । বিজেপিয়ে কেৱল ৰাহুল গান্ধীক কেৱল তেওঁৰ বক্তব্যৰ ওপৰতে লক্ষ্য নকৰে ৰাজস্থানত মহিলাৰ ওপৰত বৰ্ধিত অত্যাচাৰ, ছত্তীশগড়ত কেলেংকাৰী, পশ্চিমবংগ পঞ্চায়ত নিৰ্বাচনৰ সময়ত হিংসা, বিহাৰৰ পৰিস্থিতি, কেজৰিৱাল চৰকাৰৰ 'দুৰ্নীতি'ৰ ওপৰত কংগ্ৰেছ আৰু মিত্ৰজোঁট 'INDIA'ৰ অন্তৰ্ভুক্ত দলসমূহৰ দ্বাৰা শাসিত ৰাজ্যসমূহকো আক্ৰমণ কৰিব ।

লগতে পঢ়ক :SC Stayed Rahul Gandhi Conviction : ৰাহুল গান্ধীক দিয়া সকাহক সত্য আৰু ন্যায়ৰ জয়; কংগ্ৰেছ

ABOUT THE AUTHOR

...view details