অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ নিৰ্বাচনী হিংসাত নিহত বিজেপি কৰ্মী - কেন্দ্ৰীয় বাহিনীৰ গুলীচালনা

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শীতলকুচিত হিংসাত্মক ঘটনা সংঘটিত ৷ টিএমচি আৰু বিজেপি সমৰ্থকৰ মাজত হোৱা হিংসাত্মক ঘটনাত গুলীবিদ্ধ হৈ মৃত্যু ঘটে মানিক মৈত্ৰ নামৰ এগৰাকী বিজেপি কৰ্মীৰ ৷

post-result-violence-at-sitalkuchi-bjp-worker-killed
পশ্চিমবংগৰ নিৰ্বাচনী হিংসাত নিহত বিজেপি কৰ্মী

By

Published : May 3, 2021, 10:03 PM IST

নেচনেল ডেস্ক,3 মে': নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শীতলকুচিত দেওবাৰে নিশা সংঘটিত হয় এক হিংসাত্মক ঘটনা । টিএমচি আৰু বিজেপি সমৰ্থকৰ মাজত হোৱা হিংসাত্মক ঘটনাত গুলীবিদ্ধ হৈছিল মানিক মৈত্ৰ নামৰ এগৰাকী বিজেপি কৰ্মী ৷ সোমবাৰে মৃত্যু ঘটে উক্ত লোকগৰাকীৰ ৷

মন কৰিবলগীয়া যে, নিৰ্বাচনত শীতলকুচি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী বৰেনচন্দ্ৰ বৰ্মনে বিজয়ী সাব্যস্ত হৈছিল । বিজেপিৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত টিএমচি সমৰ্থিত এদল দুৰ্বৃত্তই বিজেপিৰ সমৰ্থকসকলৰ ওপৰত আক্ৰমণ কৰে ৷ এই হিংসাত কমেও ৩৫ জন বিজেপি সমৰ্থক আহত হয় ৷

উল্লেখ্য যে, ১০ এপ্ৰিলত সমষ্টিটোত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । সেইদিনা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুলীচালনাত চাৰিজন ভোটাৰ নিহত হৈছিল । পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে পশ্চিমবংগত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত টুইটযোগে উদ্বেগ প্ৰকাশ কৰি ৰাজ্যখনৰ গৃহ বিভাগ আৰু আৰক্ষীক তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন

ABOUT THE AUTHOR

...view details