অসম

assam

ETV Bharat / bharat

সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ নতুন ৰহস্য ফাদিল - Shri Rajput Karni Sena president killed

৪ টা নহয় শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেড়ীৰ দেহত ৯ টা গুলীৰ আঘাত পোৱা গৈছে । দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলীয়াইছিল । এতিয়াও পলাতক সুখদেৱ সিং আৰু নবীন সিং শ্বেখাৱতৰ দুই হত্যাকাৰী ।

Sukhdev Singh Murder
সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ নতুন ৰহস্য ফাদিল

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:06 PM IST

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । গোগামেড়ীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বহু নতুন তথ্য । প্ৰথমে কোৱা হৈছিল যে গোগামেড়ীৰ দেহত ৪ টা গুলীৰ আঘাত আছিল । কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ দেহত ৯ টা গুলীৰ আঘাত পোৱা গৈছে । একে সময়তে, নবীন সিঙৰ দেহতো ৭ টা গুলীৰ আঘাত পোৱা গৈছে ।

উল্লেখ্য যে ৫ ডিচেম্বৰত দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি সুখদেৱ সিং আৰু নবীন সিং শ্বেখাৱতৰ ওপৰত গুলীচালনা কৰিছিল । দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলীচালনা কৰিছিল আৰু ঘটনাস্থলীতে দুয়োগৰাকীৰ মৃত্যু হৈছিল । জয়পুৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাকাৰীৰ সন্ধানত অভিযান চলাইছে ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি সুখদেৱ সিং গোগামেড়ীক নিচেই ওচৰৰ পৰা গুলীওৱা হৈছিল আৰু তেওঁৰ দেহত ৯ টা গুলীৰ আঘাত পোৱা গৈছে । অৱশ্যে, বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে মুখ খোলা নাই । একে সময়তে, আৰক্ষীৰ বিভিন্ন দলে অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে ৰাজস্থান, দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু অন্যান্য স্থানতো অভিযান অব্যাহত ৰাখিছে । ৰাজস্থান আৰক্ষীয়ে আন ৰাজ্যৰ আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰি অভিযান চলাই আছে ।

ইয়াৰ উপৰিও, এনআইএ, সামৰিক চোৰাংচোৱা আৰু দিল্লী অপৰাধ শাখাৰ দলেও অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে । অৱশ্যে, এতিয়ালৈকে অভিযুক্তসকল পলাতক হৈ আছে । অভিযুক্তসকলৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছে । সূত্ৰৰ মতে হাৰিয়ানাত অভিযুক্ত দুজনক সহায় কৰা এজন যুৱকক আটক কৰি সোধা-পোছা কৰা হৈছে ।

হত্যাকাণ্ডটো ৫ ডিচেম্বৰত সংঘটিত হৈছিল । দিনৰ পোহৰতে ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ী আৰু নবীন সিং শ্বেখাৱতক গুলীয়াই হত্যা কৰিছিল । সুখদেৱ সিং গোগামেড়ীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী অজিত সিঙো এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ।

লগতে পঢ়ক :গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ক অৰ্পণৰ সিদ্ধান্ত, দুই আৰক্ষী জোৱানক নিলম্বন

ABOUT THE AUTHOR

...view details