নেশ্যনেল ডেস্ক, 16 এপ্ৰিল:আতিক-আশ্ৰফৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ ৷ শনিবাৰে তিনি আততায়ীৰ হাতত গুলীবিদ্ধ হৈ মৃত্যু ঘটিছিল গেংষ্টাৰ তথা ৰাজনৈতিক নেতা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফৰ (Mafia Atiq Ahmed murder case) ৷ 18 গৰাকী আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ওফৰাই সাংবাদিকৰ ভেশ লৈ তিনি আততায়ীয়ে অন কেমেৰা হত্যা কৰিছিল ভাতৃদ্বয়ক (Atiq Ashraf murder case update) ৷
ইয়াৰ পিচতে আতিক আহমেদ আৰু আশ্ৰফৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, তিনি শ্বুটাৰে তেওঁলোকৰ শৰীৰত 15 জাঁই গুলীচালনা কৰে (Post mortem report Atiq Ashraf murder case) ৷ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি আতিকৰ মৃতদেহত মুঠ ১০ টা গুলী পোৱা গৈছিল ৷ কিন্তু সাতটা গুলীৰ টুকুৰা টুকুৰা অৱস্থাত পোৱা গৈছিল, আতিকৰ শৰীৰৰ পৰা তিনিটা গুলী সম্পূৰ্ণকৈ পোৱা গৈছিল । ইফালে আশ্ৰফৰ শৰীৰত পাঁচটা গুলী পোৱা গৈছিল যাৰ ভিতৰত এটা তেওঁৰ মুখত আঘাত কৰিছিল, আনহাতে চাৰিটা তেওঁৰ বুকু আৰু পেটত পোৱা গৈছিল ।
মৰণোত্তৰ পৰীক্ষা কৰাৰ পিচত পৰিয়ালৰ সদস্যসকলক দুয়োটা মৃতদেহ চমজাই দিয়ে আৰক্ষীয়ে ৷ সন্ধিয়া প্ৰায় ৬.৩০ বজাত অন্তিম সংস্কাৰৰ বাবে কছাৰী মাছাৰী কবৰস্থানলৈ লৈ যোৱা হয় দুয়োটা মৃতদেহ ৷ এই অনুষ্ঠান সমাপ্ত কৰিবলৈ প্ৰায় দুঘণ্টা সময় লাগিছিল । ইফআলে অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুমতি দিয়াসকলৰ নাম এখন তালিকাত উল্লেখ কৰা হৈছিল আৰু তেওঁলোকৰ পৰিচয় প্ৰমাণিত হোৱাৰ পিচতহে তেওঁলোকক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল । যদিও উমেশ পাল হত্যাকাণ্ডৰ পলাতক অভিযুক্ত আতিক আহমেদৰ পত্নী ছাইস্তা পাৰবীনক স্বামীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা পৰ্বত দেখা নগ’ল ৷