নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : কেৰালা নিৰ্বাচনৰ মাত্ৰ কেইঘণ্টামান পিছতে সংঘটিত এটা হত্যাকাণ্ডই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যখনতে । ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে নিশা কান্নুৰৰ কুথুপাৰাম্বাত এক হিংসাত্মক ঘটনা সংঘটিত হয় । বাওঁপন্থী দল আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ(আইইউএমএল) কৰ্মীসকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । এই সংঘৰ্ষত মঞ্জুৰ নামৰ ২২ বছৰীয়া আইইউএমএলৰ এজন কৰ্মীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ ভাতৃ গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে বিশেষ দল গঠন কৰিছে ।
অভিযোগ অনুসৰি চিপিআই-এমৰ কৰ্মীসকলে দুয়ো ভাতৃক লক্ষ্য কৰি প্ৰথমে বোমা নিক্ষেপ কৰিছিল আৰু পিছত চুৰি আৰু তৰোৱালেৰে আক্ৰমণ কৰিছিল । বৃহস্পতিবাৰে পুৱা শিনোজ নামৰ এজন চিপিআই-এম কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে আন ২০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে এই ঘটনা ৰাজনৈতিক আক্ৰমণ বুলি সন্দেহ কৰিছে যদিও বাওঁপন্থী দলে ইয়াক অস্বীকাৰ কৰিছে ।
ইফালে ঘটনাৰ পিছতে আইইউএমএল আৰু চিপিআই-এম দলৰ মাজত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে । বুধবাৰে নিশা যেতিয়া যুৱকজনৰ মৃতদেহ অন্তিত সংস্কাৰৰ বাবে অনা হৈছিল সেই সময়তে উত্তেজিত আইইউএমএল কৰ্মীয়ে মৃতকৰ ঘৰৰ আশে-পাশে থকা কেইটামান চিপিআই-এম কাৰ্যালয়ত আক্ৰমণ কৰে। ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ ২১ গৰাকীকৈ আইইউএমএল কৰ্মীক আটক কৰে ।