অসম

assam

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 6:15 PM IST

ETV Bharat / bharat

Uttarkashi Tunnel Accident : সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ড্ৰিলিং মেচিনৰ জৰিয়তে এটা ফুটা কৰা হ'ব । সেই ফুটাৰে প্ৰায় ৩.৫ ফুট বহল পাইপ সুমুৱাই দিয়া হ'ব । যাৰ জৰিয়তে শ্ৰমিকসকল বাহিৰলৈ আহিবলৈ সক্ষম হ'ব । বুধবাৰৰ ভিতৰত উদ্ধাৰ অভিযান সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ।

Uttarkashi Tunnel Accident
সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

নেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : উত্তৰকাশী জিলাৰ চিল্কিয়াৰাৰ সমীপত নিৰ্মীয়মান সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । প্ৰশাসনে ড্ৰিল মেচিনৰ জৰিয়তে ধ্বংসাৱশেষৰ স্থানত ফুটা কৰিবলৈ চেষ্টা কৰি আছে । সেই ফুটাটোত প্ৰায় ৩.৫ ফুট বহল পাইপ এডাল সুমুৱাই দিয়া হ'ব যাৰ জৰিয়তে শ্ৰমিকসকলক উলিয়াই আনিব পৰা যাব । বুধবাৰে আবেলিৰ ভিতৰত সকলো শ্ৰমিকক সুৰংগৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ আনিব পৰা যাব বুলিও আশা কৰা হৈছে । সোমবাৰে বিশেষ ড্ৰিল মেচিন দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে, এতিয়াও বহু প্ৰত্যাহ্বান আছে । কাৰণ আৱৰ্জনা আঁতৰ কৰাৰ পাছতো নতুনকৈ আৱৰ্জনা পৰি সুৰংগতো বন্ধ হৈ পৰিছে ।

উত্তৰাখণ্ডৰ দুৰ্যোগ বিভাগৰ সচিব ৰঞ্জিত সিনহাই এই সন্দৰ্ভত কয় যে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে কথা পাতি যথেষ্ট সকাহ পোৱা গৈছে । আৱদ্ধ শ্ৰমিকসকলে জনাইছে যে ভিতৰত প্ৰায় ৫০ মিটাৰ দূৰত্ব ভূমিস্খলন হৈছে । যেতিয়া সুৰংগটোৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলে প্ৰশাসন পদক্ষেপৰ কথা গম পাইছে তেওঁলোকে বাহিৰলৈ ওলাই অহাৰ সেই মুহূৰ্তলৈ অপেক্ষা কৰি থকা বুলিও জনাইছে ।

সচিবগৰাকীয়ে কৈছে যে যেতিয়া মুখ্যমন্ত্ৰী ধামী আৰু তেওঁ নিজে সেই স্থান পৰিদৰ্শন কৰিছিল, সেই সময়ছোৱাত দেখা গৈছিল যে ধ্বংসাৱশেষ আঁতৰোৱাৰ পাছতো নতুন আৱৰ্জনাই সুৰংগটো পুনৰ বন্ধ কৰি পেলাইছে । যাৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছে ।

বৰ্তমান পাতল লোৰ পাইপৰ জৰিয়তে সুৰংগটোৰ ভিতৰলৈ অক্সিজেন প্ৰেৰণ কৰা হৈছে আৰু আন এডাল পাইপৰ জৰিয়তে খাদ্য আৰু পানী প্ৰেৰণ কৰা হৈছে । লগতে, ৱাকি টকীৰ সৈতে তেওঁলোকৰ সৈতে কথা পাতি থকা হৈছে । ইফালে সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা ৪০ গৰাকী শ্ৰমিক বৰ্তমান সুৰক্ষিত বুলিও তেওঁ দাবী কৰিছে । বিষয়াগৰাকীৰ মতে এনডিআৰএফ, এছডিআৰএফ, জল নিগমৰ লগতে অন্যান্য প্ৰতিষ্ঠানৰ যন্ত্ৰসমূহো উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক :Uttarkashi Tunnel Accident : উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনা; উত্তৰাখণ্ড চৰকাৰৰ তদন্ত সমিতি গঠন

ABOUT THE AUTHOR

...view details