আগৰতলা, ২৮ ছেপ্টেম্বৰ : ত্ৰিপুৰা ৰাজ্যিক অতিথিশালাত মঙলবাৰে ৰাজ্যখনত চাহ নিলাম কেন্দ্ৰ স্থাপনৰ সম্ভাৱনা সম্পৰ্কে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় (possibilities of Tea Auction Centre in Tripura) । ভাৰতীয় চাহ বোৰ্ড আৰু (Tea Board of India) ত্ৰিপুৰা চাহ উন্নয়ন নিগম লিমিটেডৰ সহযোগত উদ্যোগ আৰু বাণিজ্য বিভাগে এই বৈঠকৰ আয়োজন কৰে (Tripura Tea Development Corporation Limited) ।
বৈঠকত ভাৰতীয় চাহ নিগমৰ কলকাতা আৰু গুৱাহাটীৰ বিষয়াসকলৰ লগতে দিল্লী, কলকাতা, ত্ৰিপুৰা, গুৱাহাটী, যোৰহাট, দক্ষিণ ভাৰত আৰু ত্ৰিপুৰা চাহ উন্নয়ন নিগম লিমিটেডৰ চাহ বিক্ৰেতাসকল উপস্থিত থাকে (Guwahati tea auction centre) ।
বৈঠকৰ প্ৰথম পৰ্যায়ত কলকাতাস্থিত ভাৰতীয় চাহ বোৰ্ডৰ অনুজ্ঞা-পত্ৰ নিয়ন্ত্ৰক ৰজনীগন্ধা শিল নাস্কৰে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে ত্ৰিপুৰাৰ চাহ উদ্যোগ সম্পৰ্কে বিতং তথ্য উপস্থাপন কৰে । আলোচনাত অংশগ্ৰহণ কৰি ত্ৰিপুৰা চাহ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ সন্তোষ সাহাই কয় যে, ৰাজ্যখনত উৎপাদিত চাহ বিদেশী বজাৰত বিপণনৰ উদ্দেশ্যে চাহ নিলাম কেন্দ্ৰ স্থাপনৰ কথা বিবেচনা কৰা হৈছে ।
"ত্ৰিপুৰাৰ চাহ জনপ্ৰিয় কৰাৰ বাবে ইতিমধ্যে এটা ল'গ' সৃষ্টি কৰা হৈছে । ৰাজ্যখনত উৎপাদিত চাহক ত্ৰিপুৰেশ্বৰী হিচাবে ব্ৰেণ্ড কৰা হৈছে (Tripureshwari tea) । ৰাজ্যখনত চাহ পৰ্যাপ্তভাৱে উপলব্ধ কৰোৱাৰ বাবে ৰাজ্য চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (public distribution system) জৰিয়তে কম খৰচত ইয়াক ৰাইজৰ বাবে উপলব্ধ কৰাই আছে ।" সাহাই কয় ।