মহাৰাষ্ট্ৰ, 2 মে’: ধনাত্মক চিন্তাধাৰাৰ লগতে উপযুক্ত পৰিচৰ্চাৰ বাবে ক’ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰিছে এগৰাকী শতবৰ্ষ গৰকা মহিলাই ৷ মহাৰাষ্ট্ৰৰ প্ৰায় 102 বছৰীয়া সুশীলা পাঠক নামৰ মহিলাগৰাকীৰ দেহত ক’ভিড 19 ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ বৰ্ষীয়ান মহিলাগৰাকীৰ সদিচ্ছা আৰু প্ৰবল মানসিক শক্তিৰ বাবে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰবল মানসিক শক্তিৰ বাবে ক’ভিডৰ পৰা আৰোগ্য লাভ বৰ্ষীয়ান মহিলাৰ - centenarian woman recover from Covid
ক’ভিড 19 ৰ পৰা আৰোগ্য লাভ শতবৰ্ষ গৰকা মহিলাৰ ৷ বৰ্ষীয়ান মহিলাগৰাকীৰ সদিচ্ছা আৰু প্ৰবল মানসিক শক্তিৰ বাবে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ মহিলাগৰাকীক সম্প্ৰতি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷
![প্ৰবল মানসিক শক্তিৰ বাবে ক’ভিডৰ পৰা আৰোগ্য লাভ বৰ্ষীয়ান মহিলাৰ Positivity helps centenarian woman recover from Covi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11603901-529-11603901-1619937744704.jpg)
প্ৰবল মানসিক শক্তিৰ বাবে ক’ভিডৰ পৰা আৰোগ্য লাভ বৰ্ষীয়ান মহিলাৰ
ক’ভিডৰ পৰা আৰোগ্য লাভ বৰ্ষীয়ান মহিলাৰ
মহিলাগৰাকীক সম্প্ৰতি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ লগতে মহিলাগৰাকীৰ আত্মবিশ্বাস আৰু মানসিক শক্তিয়ে তেওঁক শীঘ্ৰে আৰোগ্য হোৱাত সহায়ক হিচাপে পৰিগণিত হৈছে ৷ পাঠকে চিকিৎসকৰ নিৰ্দেশাৱলী পালন কৰে, যাৰ দ্বাৰা শীঘ্ৰে আৰোগ্য লাভ কৰে ৷ চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ আৰোগ্যৰ বাবে আনন্দিত হৈ তেওঁক ঘৰলৈ যোৱাৰ পূৰ্বে আনন্দোৎসৱ পালন কৰে ৷