নেশ্যনেল ডেস্ক,২১ এপ্ৰিল :বৰ্তমান বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল দেশ হৈছে ভাৰত (India is the largest populated country)। এতিয়া ভাৰতৰ জনসংখ্যা প্ৰায় ১৪২.৮৬ কোটি । চীনক অতিক্ৰম কৰি আটাইতকৈ জনবহুল দেশ হৈ পৰিছে ভাৰত । জনসংখ্যাৰ ফালৰ পৰা ছিকিম হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য । ছিকিমত জনসংখ্যা ৬.৯০ লাখ । কিন্তু আপুনি জানি আচৰিত হ'ব যে কিছুমান এনেকুৱা দেশ আছে য'ত জনসংখ্যা ১ লাখো নাই ।
ভেটিকান চিটি (Vatican City)
প্ৰায় ৫১৮ গৰাকী লোকে বাস কৰা ভেটিকান চিটিক বিশ্বৰ আটাইতকৈ সৰু দেশ বুলি জনা যায় । এই দেশৰ মাটিকালি এক বৰ্গ কিলোমিটাৰতকৈও কম । বেছিভাগ ধৰ্মীয় প্ৰচাৰক আৰু সাধুক ইয়াত দেখা যায় । ইয়াত চিষ্টিন চেপেল, ছেইণ্ট পিটাৰ্ছ বেচিলিকা আৰু ছেইণ্ট পিটাৰ্ছ স্কোৱেৰৰ দৰে গুৰুত্বপূৰ্ণ স্থান আছে । প্ৰায় ৮০ হাজাৰ লোকে ইয়াত থাকিব পাৰে । ধৰ্মীয় গুৰুৰ পোপৰ বাৰ্তা শুনিবলৈ সমগ্ৰ বিশ্বৰ পৰা দৰ্শনাৰ্থীসকলে ইয়াত ভিৰ কৰা দেখা যায় ।
টুভালু (Tuvalu)
এই দেশখন হাৱাই আৰু অষ্ট্ৰেলিয়াৰ মাজভাগত অৱস্থিত । ইয়াৰ মাটিকালি ২৬ বৰ্গ কিলোমিটাৰ । ইয়াত ১১,৩৯৬ গৰাকী লোকে বাস কৰে । স্থানীয় লোকসকলৰ মাজত এটা আশংকা আছে যে বৰ্ধিত সাগৰৰ পানীত ভৱিষ্যতে এই দেশখন ডুব যাব । এই দেশৰ মানুহে এতিয়াও তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে জীৱনশৈলী অনুসৰণ কৰি আছে । নাও তৈয়াৰ কৰা তেওঁলোকৰ অন্যতম জীৱিকা । সাংস্কৃতিক ক্ষেত্ৰক তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে । ইয়াৰ উপৰিও, তেওঁলোকে 'কিলিকিটি' নামৰ ক্ৰিকেট সদৃশ এবিধ খেল খেলে । তেওঁলোকে খোৱা বেছিভাগ ব্যঞ্জনতে নাৰিকল ব্যৱহাৰ কৰা হয় ।
নাউৰু (Nauru)
নাউৰু হৈছে ২১ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এখন দ্বীপ ৰাষ্ট্ৰ । ইয়াৰ জনসংখ্যা ১২,৭৮০ । ইয়াৰ বাসিন্দাসকল বিশেষকৈ কৃষিকৰ্মৰ লগত জড়িত । ইয়াত আনাৰস, কল, নাৰিকল আৰু অন্যান্য পাচলিৰ খেতি কৰা হয় । ফছফেট খননৰ বাবে ইয়াৰ প্ৰায় ৮০ শতাংশ ভূমি ধ্বংস হৈ গৈছে । কোৱা হয় যে মানুহে তিনি হাজাৰ বছৰ পূৰ্বে এই দ্বীপটোত প্ৰৱেশ কৰিছিল । সেই সময়ত তেওঁলোকে খাদ্যৰ বাবে সমুদ্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল । ইউৰোপীয়সকল ১৮০০ চনত দ্বীপটোলৈ আহিছিল । দুয়োখন বিশ্বযুদ্ধৰ সময়ত, এই দেশৰ লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল । বৰ্তমান, খবৰ পোৱা গৈছে যে ইয়াৰ জনসাধাৰণে এতিয়া অতি শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰি আছে ।
পালাউ (Palau)
পালাউ দেশত মাত্ৰ ১৮,০৫৮ গৰাকী লোকে বাস কৰে । দেশখনে ৪৫৯ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে । ই প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ এটা অংশ । যীশু খ্ৰীষ্টৰ জন্মৰ প্ৰায় ২ হাজাৰ বছৰ পূৰ্বেই ইয়ালৈ মানুহৰ প্ৰব্ৰজন হৈছিল । ১৯১৪ৰ পৰা ১৯৪৪ চনলৈ ইয়াক জাপানে শাসন কৰিছিল । তাৰ পাছত ই আমেৰিকাৰ হাতলৈ গ'ল । ১৯৯৪ চনত পালাউ এখন স্বাধীন দেশ হিচাপে স্বীকৃতি লাভ কৰে । ইয়াত সুন্দৰ দ্বীপসমূহ আছে ।
চান মাৰিণ'(San Marino)
চান মাৰিণ'ৰ জনসংখ্যা ৩৩,৬৪২ গৰাকী । এই দেশখনৰ মাটিকালি ৬১ বৰ্গ কিলোমিটাৰ । যীশু খ্ৰীষ্ট জন্মৰ পূৰ্বে ৩০০ এডিত ইয়াত এখন পাহাৰত এটা গীৰ্জা নিৰ্মাণ কৰা হৈছিল । লাহে লাহে ই এখন স্বাধীন দেশলৈ ৰূপান্তৰিত হয় । ১৮৬২ চনত জুচেপ্পে গাৰিবাল্ডি নামৰ এজন ইটালীৰ সেনাপতিয়ে এই দেশক স্বাধীনতা প্ৰদান কৰে । জুচেপ্পে আৰু তেওঁৰ পত্নীয়ে ইটালীৰ একত্ৰীকৰণৰ সময়ত ইয়াত লুকাই আছিল । প্ৰথম বিশ্বযুদ্ধৰ পাছত, দেশখনে বহুতো সমস্যাৰ সন্মুখীন হৈছিল । এতিয়া, অৱশ্যে জনমূৰি উপাৰ্জন বৃদ্ধি হৈছে । দেশখনৰ এক বিশেষ আকৰ্ষণ হৈছে দেশৰ মাজভাগত থকা মাউণ্ট টাইটানোত নিৰ্মিত গুয়াইটা ফৰ্ট ।