নিউজ ডেস্ক,29ডিচেম্বৰ: প্ৰাচীন যুগৰে পৰা ভাৰতবৰ্ষত ঘৰুৱা বিধি সকলো সমস্যাৰে সমাধানৰূপে পৰিগণিত হৈ আহিছে ৷ আপোনাৰ ককা-আইতা বা মা-দেউতায়ো হয়তো আপোনাক পেট বিষ, বদহজম, চৰ্দি, কাহ, মুৰৰ বিষ,বমি আদি সমস্যাৰ বাবে পাকঘৰত থকা সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷ বিশেষকৈ 2020 বৰ্ষত যেতিয়া সমগ্ৰ বিশ্বই ক’ভিড 19ৰ বাবে ঘোষিত লক ডাউনত ঘৰতে আৱদ্ধ হৈ আছিল, তেনেক্ষেত্ৰত তাৎক্ষণিকভাৱে উপলদ্ধ ঔষধ এই ঘৰুৱা বিধিসমূহেই আছিল ৷ গতিকে, ব’লক আমি উভটি চাও এই বৰ্ষত সৰ্বাধিক ব্যৱহৃত কেইবিধমান ঘৰুৱা বিধি ৷
সাধাৰণ সামগ্ৰীসমূহ-
1. আদাঃ নিজৰ এন্টি-ভাইৰেল আৰু এন্টি বেক্টেৰিয়েল গুণৰ বাবে আদা সদায় এবিধ উপযুক্ত ঘৰুৱা ঔষধ হিচাপে ব্যৱহৃত হৈ আহিছে ৷ আদাই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ুপৰিও বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা আমাৰ দেহটোক ৰক্ষা কৰে ৷
এগিলাচ গৰম পানীত এটুকুৰা আদা মিহলাই লওক ৷ ই আপোনাৰ পাচন ক্ষমতা বৃদ্ধি কৰিব ৷
আদা অলপ খুন্দি লওক আৰু ইয়াৰ গৰম পানীৰে মিহলাওক লগতে এই মিশ্ৰণটোত মৌ মিহলি কৰি লওক ৷ ই আপোনাক জ্বৰ আৰু চৰ্দিৰ পৰা পৰিত্ৰাণ দিব ৷ আপুনি ইয়াত অলপ নেমুৰসো দিব পাৰে ৷
গুড়ৰ সৈতে আদাৰ ৰস ছালৰ ৰোগৰ বাবে উপকাৰী ৷
মৌ মিহলি আদাৰ ৰস শুকান কাহৰ বাবে উপকাৰী ৷
2. তুলসীঃ মানুহে সাধাৰণতে তুলসীক সঞ্জীৱনীৰে তুলনা কৰে কেৱল ইয়াৰ ঔষধী গুণৰ বাবে ৷ তুলসীৰ পাতটো এন্টিবায়’টিকৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা হয় ৷
বতৰৰ জ্বৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এচামুচ আদা আৰু এচামুচ তুলসী পাত উতলাই লওক ৷ পানীখিনি উতলি আধা নোহোৱালৈকে উতলাই থাকক ৷ নিজৰ সোৱাদৰ বাবে আপুনি ইয়াত মৌ মিহলাব পাৰে ৷
পিঠিৰ বিষৰ বাবে এটা পাত্ৰত একাপ পানী লওক তাত 8ৰ পৰা 10 টা সজীৱ তুলসী পাত দিয়ক ৷ পানীখিনি উতলি আধা নোহোৱালৈকে গৰম কৰক ৷ এই পনীয়া পদাৰ্থখিনি ঘৰৰ তাপমাত্ৰাত ঠাণ্ডা হ’বলৈ দিয়ক ৷ সোৱাদৰ বাবে মিশ্ৰণটোত এচিকুট নিমখ দিয়ক আৰু সেৱন কৰক ৷
প্ৰতিদিনে পুৱা 8ৰ পৰা 10 টা তুলসীৰ পাত চোবাই খালে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷
নহৰুঃ নহৰুত থকা এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ভাইৰেল পদৰ্থই বিভিন্ন ৰোগৰ কাৰক আৰু ৰোগৰ পৰা আপোনাক পৰিত্ৰাম দিব পাৰে ৷
শুকান কাহৰ বাবে 2ৰ পৰা 3 ফোট নহৰু একাপ পানীত উতলিবলৈ দিয়ক ৷ ইয়াত অলপ মৌ মিহলাই লওক ৷ মিশ্ৰণটো জেলীৰ নিচিনা হ’লে ইয়াক সেৱন কৰক ৷
বতৰৰ জ্বৰৰ সময়ত নহৰুত থকা ডাইলাইল ছালফাইডে আপোনাৰ দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে ৷ গৰম পানীত এফুট নহৰু গুৰি কৰি মিহলাই লওক আৰু 10 মিনিট পিছত ইয়াক গ্ৰহণ কৰক ৷
ককালৰ বিষৰ বাবে 4ৰপৰা 5 চামুচ নাৰিকলৰ তেলত 6 ফোট নহৰু মিহলাই লওক ৷ নহৰুখিনি মটিয়া নোহোৱা পৰ্যন্ত ভাজি লওক ৷ ইয়াৰ পিছত ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক আৰু লাহেকৈ বিষৰ ঠাইখিনিত মাছাজ কৰক ৷
ইয়াৰ বাহিৰেও আপুনি মধুমেহ, উচ্চ ৰক্তচাপ, ওজন কমোৱা আদিৰ বাবে ফেনুগ্ৰীম চিড ব্যৱহাৰ কৰিব পাৰে