নেশ্যনেল ডেস্ক,২১ জানুৱাৰী :২০৪৭ চনৰ ভিতৰত ভাৰতক ইছলামিক দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছিল পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই নামৰ সংগঠনটোৱে (PFI tried to establish Islamic rule by 2047)। এই দাবী ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAৰ । ২০ গৰাকী PFI সদস্যৰ বিৰুদ্ধে অভিযোগনামাত এই কথা স্পষ্ট কৰিছে NIAয়ে । NIAয়ে অভিযোগনামাত উল্লেখ কৰা মতে নিষিদ্ধ সংগঠনটোৱে সমাজত সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজত ভয় সৃষ্টি কৰিব বিচাৰিছিল ।
২৬ জুলাইত বিজেপিৰ যুৱ মৰ্চাৰ নেতা প্ৰবীণ নেটাৰুৰ হত্যাৰ সৈতে জড়িত এক গোচৰৰ অভিযোগনামা দাখিল কৰি এই দাবী কৰে অনুসন্ধানকাৰী সংস্থাটোৱে । উল্লেখ্য যে বিজেপি নেতাগৰাকীৰ ২০২২ চনৰ কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বেল্লাৰে গাঁৱত সংঘটিত হৈছিল । উক্ত গোচৰটো সম্পৰ্কত শুকুৰবাৰে বেংগালুৰুৰ এখন বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে NIAয়ে ।
NIAয়ে দাবী কৰা মতে সমাজত সন্ত্ৰাস, সাম্প্ৰদায়িক বিদ্বেষ আৰু অস্থিৰতা সৃষ্টি কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছিল নিষিদ্ধ সংগঠনটোৱে । আনকি সংগঠনটোৰ বিৰোধী আৰু শত্ৰুক হত্যা কৰিবলৈ PFI সংগঠনটোৱে 'চাৰ্ভিচ টীম' বা 'কিলাৰ স্কোৱাড' নামৰ এটা দলো গঠন কৰিছিল (PFI forms killer Squads in India)।
PFIৰ ২০ গৰাকী সদস্যৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে যে কিলাৰ স্কোৱাডৰ সদস্যসকলক কিছুমান সম্প্ৰদায় আৰু গোটৰ ব্যক্তি আৰু নেতাসকলক চিনাক্ত, তালিকাভুক্ত কৰা আৰু নিৰীক্ষণ কৰাৰ বাবে অস্ত্ৰ যোগান ধৰাৰ লগতে আক্ৰমণৰ প্ৰশিক্ষণ আৰু নিৰীক্ষণৰ কৌশলৰ প্ৰশিক্ষণো দিয়া হৈছিল (NIA charge sheet against PFI)। এই 'চাৰ্ভিচ টীম' বা 'কিলাৰ স্কোৱাড'ৰ সদস্যসকলক পিএফআইৰ জ্যেষ্ঠ নেতাসকলৰ নিৰ্দেশত নিৰ্দিষ্ট লোকক আক্ৰমণ আৰু হত্যা কৰিবলৈ অধিক প্ৰশিক্ষণ দিয়া হৈছিল ।
অভিযোগনামাত উল্লেখ কৰা মতে জিলা চাৰ্ভিচ টীমৰ মুৰব্বী মুস্তাফা পাইচাৰক এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট নেতাৰ তথ্য সংগ্ৰহ কৰি চিনাক্ত কৰাৰ লগতে আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । সেই নিৰ্দেশনা অনুসৰি, ৪ গৰাকী ব্যক্তি চিনাক্ত কৰা হৈছিল । তেওঁলোকৰ মাজত আছিল বিজেপি নেতা নেটাৰু (BJP leader Praveen Nettaru murder case)। যাক যথেষ্ট সংখ্যক লোকৰ মাজত নৃশংসভাৱে হত্যা কৰা হৈছিল যাতে সেই নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিব পাৰে ।