নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: COVID-19 ৰে যুঁজ দিয়াৰ বাবে নিৰৱিছিন্ন সেৱা আগবঢ়াই অহা এছিয়াৰ ৬ গৰাকী ব্যক্তিলৈ সন্মান প্ৰদৰ্শন কৰিছে 'দ্য ষ্ট্ৰেইট টাইমছে' । শেহতীয়াকৈ 'দ্য ষ্ট্ৰেইট টাইমছে' প্ৰকাশ কৰা 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ভিতৰতে বৃহৎ ভেকচিন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাৰ নাম । পুণেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ে যুটীয়া প্ৰচেষ্টা চলাই ব্ৰিটিছ-চুইডিছ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাৰ সৈতে লগ হৈ 'COVIDSHIELD' ভেকচিন প্ৰস্তুত কৰিছে আৰু বৰ্তমান ভাৰতত ইয়াৰ পৰীক্ষণ চলি আছে ।
'দ্য ষ্ট্ৰেইট টাইমছে' প্ৰকাশ কৰা 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা আন এগৰাকী ব্যক্তি হৈছে চীনৰ গৱেষক ঝাং য়ংঝেন । তেওঁ SARS COV-2 ভাইৰাছ প্ৰথম সম্পূৰ্ণ জিন'ম মেপ আৰু অনলাইন প্ৰকাশ কৰা দলক নেতৃত্ব দিছিল । 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ ৬ জনীয়া তালিকা স্থান পাইছে চীনৰ মেজৰ জেনেৰেল চেন ৱেই, জাপানৰ ড০ ৰুইচি মৰিছিটা, ছিংগাপুৰৰ অধ্যাপক অই ইং ইঅঙে । ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আটাইকেইগৰাকীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে । এই তালিকাত সন্নিৱিষ্ট হৈছে দক্ষিণ কোৰিয়াৰ ব্যৱসায়ী ছিঅ' ঝাং জিনৰ নাম ।
ছিঅ' ঝাং জিনৰ কোম্পানীয়ে সমগ্ৰ বিশ্বতে ভেকচিন বিতৰণৰ কাম কৰিব আৰু বৰ্তমানেও মহামাৰীত আক্ৰান্তৰ চিকিত্সাৰ বাবে প্ৰয়োজনীয় ঔষধ বিভিন্ন দেশত বিতৰণ কৰি আহিছে । 'দ্য ষ্ট্ৰেইট টাইমছ'ত সামগ্ৰিকভাৱে এই ব্যক্তিকেইগৰাকীক 'ভাইৰাছ ব্ৰাষ্টাৰ্ছ' আখ্যা দিয়া হৈছে । তেওঁলোকক নায়ক আখ্যা দিয়া হৈছে কিয়নো আটাইকেইগৰাকী ব্যক্তিয়ে নিজৰ সাধ্য অনুসৰি কৰ'ণা মহামাৰীৰ পৰা বিশ্ববাসীক উদ্ধাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে । SARS COV-2 ভাইৰাছ, যিয়ে পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা মহাদ্বীপটোত মৃত্যু আৰু কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে, 'ভাইৰাছ ব্ৰাষ্টাৰ্ছ' কেইগৰাকীয়ে ইয়াৰ বিৰুদ্ধে যুঁজ দিছে ।