নিউজ ডেস্ক, 7 অক্টোবৰ: মঙলবাৰে অনুষ্ঠিত হয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ 40 খন আসনৰ বাবে অনুষ্ঠিত হয় এই নিৰ্বাচন ৷ উত্তৰ-পূবৰ ৰাজ্যখনত এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 174 গৰাকী প্ৰাৰ্থীয়ে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি পাঁচ বজাত অন্ত পৰে ৷ ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 8.57 লাখ ৷ ইয়াৰে 4.39 লাখ মহিলা ভোটাৰ ৷
ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য অনুসৰি সন্ধিয়া পাঁচ বজালৈকে মিজোৰামত ভোটদানৰ হাৰ হৈছে 75.8 শতাংশ ৷ ইয়াৰ ভিতৰত চেৰচিপ জিলাত সৰ্বাধিক 83.96 শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৰাজধানী আইজলত সৰ্বনিম্ন 71.39 শতাংশ ভোটদান হয় ৷
ৰাজ্যখনত মুঠ 1276 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ তাৰোপৰি আছে 149 টা দূৰৱৰ্তী ভোটকেন্দ্ৰ ৷ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা 30 টা ভোটকেন্দ্ৰত স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হৈছে ৷ এই নিৰ্বাচনত মুঠ 7200 নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷ ভোটদান প্ৰক্ৰিয়া নিকা কৰাৰ উদ্দেশ্য ৰাজ্যখনৰ গাতে লাগি থকা ম্যানমাৰ আৰু বাংলাদেশ সীমান্ত বন্ধ কৰি দিয়ে নিৰ্বাচন আয়োগে ৷