নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ :আজি কলকাতা পৌৰ নিগমৰ নিৰ্বাচন ৷ নিগমৰ 144 টা ৱাৰ্ডত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ সেই অনুসৰি, দেওবাৰে পুৱা ৭ বজাৰে পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া (Kolkata Municipal Corporation Polls begins) ৷
ভোটগ্ৰহণ প্ৰক্ৰিয়াত সম্পূৰ্ণৰূপে পালন কৰা হৈছে ক’ভিড বিধি ৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব নীলাঞ্জন সন্দিকৈয়ে সদৰী কৰা অনুসৰি, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
নিগমৰ ৪,৯৫৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু এই প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব ৷ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত সমগ্ৰ চহৰখনত প্ৰায় ২৩,০০০ আৰক্ষী মোতায়েন কৰা হৈছে ৷