নেশ্যনেল ডেস্ক,10 এপ্ৰিল:পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে উত্তৰ বংগত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ উত্তৰ বংগৰ কোচবিহাৰৰ মাথাবাহংগাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷
জানিব পৰা মতে, উক্ত অঞ্চলৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত কুৰিৰো অধিক লোক আহত আৰু নিহত হয় ৷ বৰ্তমান আহত লোকসকলক কোচবিহাৰৰ মাথাবাহংগা হাস্পতাললৈ অনা হৈছে ৷ তদুপৰি এই গুলীচালনাত চাৰিজনকৈ লোকৰ মৃত্যু হৈছে ৷
নিহত লোককেইজন ক্ৰমে হামিদুল হক, মণিৰুল হক, চামিউল মিয়া, আমজাদ হুছেইন ৷ এই লোক কেইজন তৃণমূল কংগ্ৰছৰ সমৰ্থক বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰ ঘটনাটোত নিহত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইফালে ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰি তাৎক্ষণিকভাৱে জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷