অসম

assam

ETV Bharat / bharat

পঞ্জাৱৰ উপ-মুখ্যমন্ত্ৰী ওম প্ৰকাশ ছোনিৰ ৰাজনৈতিক যাত্ৰা... - পঞ্জাৱ মন্ত্ৰীসভা

পঞ্জাৱ কংগ্ৰেছৰ ভিতৰচ'ৰাৰ কন্দলৰ পৰণতি সৰ্বজনবিদিত । পঞ্জাৱ কংগ্ৰেছত ৰদবদলৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিলে চৰণজিৎ সিং চন্নী(Charanjit Singh Channi)য়ে । উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে অ' পি ছোনি( OP Soni)য়ে ।

Political journey of Punjab Deputy CM OP Soni
পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী অ' পি ছোনিৰ ৰাজনৈতিক যাত্ৰাty CM OP Soni

By

Published : Sep 20, 2021, 6:23 PM IST

নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ: মাত্ৰ কেইটামান মাহৰ ভিতৰতে পঞ্জাৱ(Punjab)ৰ কংগ্ৰেছত এনে কেতবোৰ পৰিৱৰ্তন আহিছে, যিয়ে ৰাজ্যখনৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাইছে । শেহতীয়াকৈ পঞ্জাৱ কংগ্ৰেছৰ প্ৰধান হিচাপে দায়িত্ব লৈছিল নৱজ্যোৎ সিং সিদ্ধুৱে । নৱজ্যোৎ সিং সিদ্ধু আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ মাজত সু-সম্পৰ্ক যে, নাছিল সেয়া ৰাজহুৱাও হৈছিল । দলৰ নেতৃত্বৰ মতভেদৰ পৰিণতিস্বৰূপে সলনি হ'ল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী । অমৰিন্দৰ সিঙৰ ঠাই ল'লে চৰণজিৎ সিং চন্নী(Charanjit Singh Channi)য়ে ।

আনহাতে, সুখজিন্দৰ ৰন্ধাৱা(Sukhjinder Randhawa) মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পিছত তেওঁক উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হ'ল । লগতে ওম প্ৰকাশ ছোনিক দ্বিতীয় উপ-মুখ্যমন্ত্ৰী দায়িত্ব দিয়া হয় । বিগত দুটা দিন পঞ্জাৱ কংগ্ৰেছৰ বাবে অতি জটিল সময় আছিল । শাসকীয় দলটোত হোৱা পৰিৱৰ্তন ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছিল । দ্বিতীয় উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা ওম প্ৰকাশ ছোনিৰ ১৯৫৭ চনত জন্ম হৈছিল ।

অমৃতসৰত জগত মিটাৰ ছোনি আৰু পাৰেম ছোনিৰ ঘৰত তেওঁৰ জন্ম হৈছিল । তেওঁ মাঝা অঞ্চলত কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতা হিচাপে জনাজাত ।

ছোনি একেৰাহে পাঁচবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে । ১৯৯৭, ২০০২, ২০০৭, ২০১২ আৰু ২০১৭ চনত অমৃতসৰ চেণ্ট্ৰেলৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল । স্থানীয় নিকায় নিৰ্বাচনৰে তেওঁ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল আৰু ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অমৃতসৰৰ মেয়ৰৰ পদত অধিষ্ঠিত হৈছিল । ২০১৭ চনত ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ লগে লগে তেওঁৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক পঞ্জাৱ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয় ।

তেওঁক চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰালয়, স্বাধীনতা সংগ্ৰামী আৰু খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । আনহাতে, সতলজ যমুনা লিংক কেনেল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতিবাদত পদত্যাগ কৰা কংগ্ৰেছৰ ৪২ জন বিধায়কৰ ভিতৰত তেওঁ অন্যতম । ২০১৭ চনত তেওঁ বিজেপিৰ তৰুণ চুগক প্ৰায় ২১,০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল আৰু ২০১৮ চনত তেওঁ পঞ্জাৱ মন্ত্ৰীসভাত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:উছাৰ এগ্ৰো লিমিটেডৰ পৰিচালন সঞ্চালকক গ্ৰেপ্তাৰ কৰিলে EDয়ে

ABOUT THE AUTHOR

...view details