অসম

assam

ETV Bharat / bharat

political crisis in Sri Lanka :ৰাষ্ট্ৰপতিৰ দলত্য়াগৰ দাবীত কলম্বোত সমৱেত জনতা - Demand for resignation Of Sri Lankas President Gatobya Rajapaksa

পুনৰ উত্তপ্ত হৈছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা । এইবাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগৰ দাবীত ওলাই আহিছে দ্বীপ ৰাষ্ট্ৰখনৰ হাজাৰ হাজাৰ জনতা । যাৰ বাবে পূৰ্বৰে পৰা আৰক্ষী অধিক সষ্টম হোৱাৰ লগতে শুক্ৰবাৰে শ্ৰীলংকাৰ ৰাজধানী এলেকাত অনিৰ্দিষ্টকালীন সান্ধ্য় আইন বলৱৎ কৰা হৈছিল যদিও এই বাধা নেওঁচি হাজাৰ হাজাৰ জনতা সমৱেত হৈছে কলম্বোত(Huge crowds poured Colombo for demonstration)।

srilanka
political crisis in Sri Lanka : ৰাষ্ট্ৰপতিৰ পদত্য়াগৰ দাবীত কলম্বোত সমৱেত জনতা

By

Published : Jul 9, 2022, 4:43 PM IST

ইন্টাৰনেচনেল ডেস্ক,৯জুলাই: পুনৰ উত্তপ্ত হৈছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা । এইবাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগৰ দাবীত ওলাই আহিছে দ্বীপ ৰাষ্ট্ৰখনৰ হাজাৰ হাজাৰ জনতা । যাৰ বাবে পূৰ্বৰে পৰা আৰক্ষী অধিক সষ্টম হোৱাৰ লগতে শুক্ৰবাৰে শ্ৰীলংকাৰ ৰাজধানী এলেকাত অনিৰ্দিষ্টকালীন সান্ধ্য় আইন বলৱৎ কৰা হৈছিল যদিও এই বাধা নেওঁচি হাজাৰ হাজাৰ জনতা সমৱেত হৈছে কলম্বোত(Huge crowds poured Colombo for demonstration)। সংকটগ্ৰস্ত শ্ৰীলংকাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগৰ দাবীত দিনটোৰ শেষৰ ফালে পৰিকল্পনা কৰা এক গণ সমদলৰ পূৰ্বে নিশাটোৰ ভিতৰতে হাজাৰ হাজাৰ লোকে সান্ধ্য় আইন অমান্য় কৰাত এই নিৰ্দেশ চৰকাৰে প্ৰত্য়াহাৰ কৰিবলৈ বাধ্য় হয় (Crisis hit Sri Lanka lifted a curfew)।

উল্লেখ্য় যে দেশখনৰ অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ ফলত উদ্ভৱ হোৱা অস্থিৰতাৰ শেহতীয়া বহিঃপ্ৰকাশ ঘটাই ইতিমধ্যে ৰাজধানী কলম্বোত বিশাল জনসমাগম হৈছে (Demand for resignation Of Sri Lankas President Gatobya Rajapaksa)। চৰকাৰৰ সংকটৰ অব্যৱস্থাৰ বাবে পদত্যাগ দাবী কৰিবলৈ প্ৰতিবাদকাৰীসকলে ৰাজপাক্ষেৰ সাগৰৰ পাৰত অৱস্থিত কাৰ্যালয়ৰ বাহিৰত শিবিৰ পাতিছে । মুখ্য বিৰোধী দলসমূহৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে ৰাজধানীলৈ যাত্ৰা কৰিবলৈ ব্যক্তিগত বাছ ভাড়া লৈছিল । আনহাতে, শুক্ৰবাৰে তিনিজন ন্যায়াধীশে শনিবাৰৰ প্ৰতিবাদক অবৈধ ঘোষণা কৰিবলৈ আৰক্ষীৰ অনুৰোধ অস্বীকাৰ কৰিছিল ।

ইপিনে, বিৰোধী দল, মানৱ অধিকাৰ কৰ্মী আৰু বাৰ এছ'চিয়েশ্যনে আৰক্ষী প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়াৰ পিছতেই আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া জাৰি কৰা আৱাসীসকলক ঘৰৰ ভিতৰত থাকিবলৈ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য় হয় । হাজাৰ হাজাৰ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে সান্ধ্য় আইন উপেক্ষা কৰি আনকি ৰে'ল কৰ্তৃপক্ষক শনিবাৰৰ ৰেলীৰ বাবে কলম্বোলৈ জনতাক ৰেলেৰে নিবলৈ বাধ্য কৰিছিল । দেশখনৰ শীৰ্ষ আৰক্ষীৰ এটা সূত্ৰই এই বিষয়ে সদৰি কৰিছে।

শুকুৰবাৰে ৰাজপাক্ষেৰ চৰকাৰী বাসভৱনত পহৰা দিয়া আৰক্ষীক শক্তিশালী কৰিবলৈ এছল্ট ৰাইফলৰে সজ্জিত হাজাৰ হাজাৰ সৈন্যক কলম্বোলৈ নিয়া হৈছিল যদিও প্ৰতিবাদকৰীক বাধা দিবলৈ সক্ষম নহ'ল । কৰ্তৃপক্ষই ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ বাবে নিৰাপত্তা অভিযানৰ বাবে প্ৰায় ২০,০০০ সৈন্য আৰু আৰক্ষী মোতায়েন কৰিছে । ইপিনে,ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে কয়, 'আমি শ্ৰীলংকাৰ কৰ্তৃপক্ষ আৰু সকলো বিধান সভাক আৰক্ষীৰ ক্ষেত্ৰত সংযম দেখুৱাবলৈ আৰু হিংসা প্ৰতিৰোধৰ বাবে সকলো প্ৰয়োজনীয় প্ৰচেষ্টা নিশ্চিত কৰিবলৈ আহ্বান জনাইছো' ৷

শ্ৰীলংকাই প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰিবলৈ বিদেশী মুদ্ৰা শেষ হোৱাৰ পিছত কেইবা মাহ ধৰি খাদ্য আৰু ইন্ধনৰ অভাৱত পৰা পৰিলক্ষিত হৈছে । আনহাতে, দেশখনে দীঘলীয়া ব্লেকআউট আৰু দ্ৰুত মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে । দেশখনত ইতিমধ্যে পেট্ৰ'লৰ যোগান প্ৰায় শেষ হৈছে । যোৱা মে' মাহত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বাহিৰত ৰাজপাক্ষেৰ অনুগতসকলে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ পিছত সমগ্ৰ দেশতে সংঘৰ্ষৰ ফলত ৯ জন লোক নিহত আৰু শ শ লোক আহত হৈছে ।

লগতে পঢ়ক:ক'ভিডত আক্ৰান্ত অমৰ্ত্য সেন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details