নেশ্যনেল ডেস্ক , 5 ছেপ্তেম্বৰ : এজন পলাতক অপৰাধীক কৰায়ত্ত কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ'ল আৰক্ষীৰ এটা দল ৷ বিহাৰৰ বৈশালী জিলা(Vaishali district in Bihar)ৰ Mahuaৰ এটা বিবাদৰ গোচৰত 'Wanted' হৈ থকা পলাতক অপৰাধীৰ সন্ধানত যোৱা আৰক্ষীৰ এটা দলক দুৰ্বৃত্তৰ দলে তৰোৱালেৰে আক্ৰমণ চলায় ৷
এই ঘটনাত এজন SHO আৰু আৰক্ষী পৰিদৰ্শককে ধৰি সাতজন আৰক্ষী গুৰুতৰভাৱে আহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয় ৷ অপৰাধীটোৰ সন্ধানত আৰক্ষীৰ দলটো Mahua আৰক্ষী থানা অঞ্চলৰ বদনপুৰ মিলকি গাঁৱ(Badanpur Milki village of Mahua police station area)ত উপস্থিত হোৱাৰ পাচতে দুৰ্বৃত্তই তৰোৱালেৰে আক্ৰমণ কৰে ৷
লগতে পঢ়ক :আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী