অসম

assam

ETV Bharat / bharat

Suicide Blast at Pakistan: পাক আত্মঘাতী আক্ৰমণৰ আঁৰত ISIS জড়িত; আৰক্ষী - Suicide Blast at Pakistan

খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ৰাজনৈতিক সন্মিলনত হোৱা আত্মঘাতী আক্ৰমণৰ আঁৰত নিষিদ্ধ সন্ত্ৰাসবাদী গোট আইছিছ জড়িত আছে বুলি প্ৰাম্ভিক তদন্তত আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ প্ৰাৰম্ভিক তদন্তত নিষিদ্ধ সংগঠন আইছিছ জড়িত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷

ISIS behind suicide blast at JUIF
আত্মঘাতী আক্ৰমণৰ আঁৰত আইছিছ জড়িতৰ সন্দেহ

By

Published : Jul 31, 2023, 1:03 PM IST

নিউজ ডেস্ক, 31 জুলাই :পাকিস্তানৰ অশান্ত খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ এটা কট্টৰ পন্থী ইছলামিক দলৰ ৰাজনৈতিক সন্মিলনত হোৱা আত্মঘাতী আক্ৰমণৰ আঁৰত নিষিদ্ধ সন্ত্ৰাসবাদী গোট আইছিছ জড়িত আছে বুলি প্ৰাম্ভিক তদন্তত আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ এই আত্মঘাতী আক্ৰমণত কমেও 44 জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে এশৰো অধিক লোক ৷

দেওবাৰে কট্টৰ তথা ৰক্ষণশীল হিচাবে পৰিচিত জমিয়ত উলেমা ইছলাম-ফজল দলৰ ৪০০ৰো অধিক সদস্যই আফগানিস্তানৰ সীমান্তৱৰ্তী খাৰ চহৰৰ এটা স্থানত বৈঠকৰ বাবে সমবেত হৈছিল ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই বিস্ফোৰণৰ ঘটনাৰ তদন্ত আৰু তথ্য সংগ্ৰহ কৰি থকা হৈছে ৷ প্ৰাৰম্ভিক তদন্তত নিষিদ্ধ সংগঠন আইছিছ জড়িত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷

আৰক্ষীয়ে কয় যে, তেওঁলোকে আত্মঘাতী বোমাৰুজনৰ বিৱৰণ সংগ্ৰহ কৰি আছে লগতে বোমা স্কোৱাডৰ দলে ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিছে ৷ জিলা আৰক্ষী বিষয়া নাজিৰ খানে কৈছিল যে, তিনিজন সন্দেহজনক লোকক জিম্মাত লোৱা হৈছে ৷ প্ৰাদেশিক আৰক্ষী প্ৰধান আখটাৰ হায়াত খানে কৈছিল যে, বিস্ফোৰণটোত এজন আত্মঘাতী বোমাৰুৰ দ্বাৰা স্থাপন কৰা ১০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল ৷ তেওঁ কৈছিল যে, সন্মিলনৰ সন্মুখৰ শাৰীত বহি থকা অংশগ্ৰহণকাৰীসকলৰ মাজত বোমাৰুজন আছিল ৷

স্থানীয় আৰক্ষীয়ে কৈছিল যে আক্ৰমণকাৰীজনে বৈঠকৰ মঞ্চৰ ওচৰত বিস্ফোৰণ সংঘটিত কৰিছিল ৷ আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শী সকলৰ মতে, জেইউআই-এফৰ জিলা আমিৰ মৌলানা আব্দুল ৰছিদ মঞ্চত উপস্থিত হোৱাৰ লগে লগে বিস্ফোৰণটো সংঘটিত হয় ৷ নিহতসকলৰ ভিতৰত আছে জেইউআই-এফ তহচিল খাৰ মৌলানা জিয়াউল্লাহ জান, নৱাগাই তহচিলৰ সাধাৰণ সম্পাদক মৌলানা হামিদুল্লাহ, জিলা তথ্য সচিব মুজাহিদ খান আৰু বহুতো দলীয় কৰ্মী ৷

খাইবাৰ পাখতুনখোৱাৰ তত্ত্বাৱধায়ক স্বাস্থ্য মন্ত্ৰী ৰিয়াজ আনৱাৰে দেওবাৰে নিশা কৈছিল যে আক্ৰমণত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ১০০ ৰো অধিক লোক আহত হৈছিল ৷ বাজাউৰ আৰু কাষৰীয়া অঞ্চলৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে য'ত বেছিভাগ আহতক লৈ যোৱা হৈছিল ৷ গুৰুতৰভাৱে আহতসকলক বাজাউৰৰ পৰা প্ৰাদেশিক ৰাজধানী পেছোৱাৰৰ চিকিৎসালয়লৈ সামৰিক হেলিকপ্টাৰেৰে লৈ যোৱা হৈছে ৷

বাজাউৰ জিলা স্বাস্থ্য বিষয়া ডাঃ ফৈজল কামালে কয় যে, ১৫০ তকৈও অধিক আহত লোকক বাজাউৰ জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়লৈ অনা হৈছিল ৷ ৩৫ জনৰো অধিক লোকক তিমাৰগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনহাতে ১৫ জন গুৰুতৰভাৱে আহত লোকক পাকিস্তান সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে পেছাৱাৰলৈ প্ৰেৰণ কৰা হৈছে ৷

উদ্ধাৰকাৰীসকলে সতৰ্ক কৰি দিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে ৷ কিয়নো 15 জন লোকৰ অৱস্থা সংকটজনক ৷ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বিস্ফোৰণটোক তীব্ৰ গৰিহণা দিছে আৰু দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়া হ'ব বুলি ঘোষণা কৰিছে ৷

পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে নিহত সকলৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷ তেওঁ আঘাতপ্ৰাপ্তসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে আৰু তেওঁলোকক সময়মতে চিকিৎসা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ দেওবাৰে জাৰি কৰা এক বিবৃতিত খাইবাৰ পাখতুনখোৱাৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী আজম খানে আৰক্ষীৰ পৰা বিস্ফোৰণ সন্দৰ্ভত এক বিতং প্ৰতিবেদন বিচাৰে ৷ তেওঁ পেছাৱাৰৰ সংযুক্ত সামৰিক চিকিৎসালয়ও পৰিদৰ্শন কৰে, য'ত তেওঁ আঘাতপ্ৰাপ্ত লোকসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ৷

ৰহিম শ্বাহ নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে, বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত ৫০০ তকৈও অধিক লোক সন্মিলনত উপস্থিত আছিল ৷ তেওঁ কয় যে উপদেশ শুনি থকাৰ সময়তে এটা শক্তিশালী বিস্ফোৰণত তেওঁ অজ্ঞান পৰিছিল ৷ লগতে তেওঁ কয় যেতিয়া তেওঁ জ্ঞান ঘূৰাই পাইছিল, সকলোতে তেজ দেখা পাইছিল ৷

জেইউআই-এফৰ মুৰব্বীয়ে দলটোৰ মিডিয়া চেলৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত ঘটনাটোত শোক প্ৰকাশ কৰিছে ৷ তেওঁ প্ৰধানমন্ত্ৰী শ্বৰীফ আৰু চৰকাৰক আক্ৰমণৰ তদন্ত বিচাৰে ৷ তেওঁ জেইউআই-এফ কৰ্মীসকলক শীঘ্ৰেই চিকিৎসালয়ত উপস্থিত হৈ ৰক্তদান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :Pakistan Bomb blast: আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৪২ জন নিহত, আহত ১৫০ জনৰো অধিক

ABOUT THE AUTHOR

...view details