নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: স্বামীক হত্যা হায়দৰাবাদৰ এগৰাকী মহিলাৰ । এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ৱনস্থলীপুৰমত । নশ্বীন বেগমে তেওঁৰ স্বামী গগণ আগৰৱালাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । নশ্বীনে স্বামীৰ বন্ধু সুনীল কুমাৰৰ সৈতে লগ লাগি গগণ আগৰৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । সম্পত্তিক কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
জানিব পৰা অনুসৰি, যোৱা ৮ ফেব্ৰুৱাৰীত বন্ধু সুনীল কুমাৰে গগণ আগৰৱালাৰ সৈতে সুৰা সেৱন কৰি কাজিয়াত লিপ্ত হৈছিল । তাৰ পাছতেই নশ্বীন আৰু সুনীলে লগ হৈ গগণক হত্যা কৰি ঘৰৰ ভিতৰত মৃতদেহটো পুতি থৈছিল । হত্যা কৰাৰ পাছত নশ্বীনে স্বামী সন্ধানহীন আৰু তাইৰ মোবাইল ফোনটো হেৰুওৱা বুলি আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছিল ।
উল্লেখযোগ্য যে, দম্পত্তিহাল বিগত বৰ্ষৰ ২ জুনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু হাবচিগুদাৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল । গগনৰ বন্ধু সুনীল কুমাৰে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহিছিল । পৰৱৰ্তী সময়ত নশ্বীনৰ সৈতে সুনীল অতি ঘনিষ্ঠ হৈ পৰিছিল ।