অসম

assam

By

Published : Apr 2, 2021, 7:59 PM IST

ETV Bharat / bharat

মন্দিৰৰ দান পাত্ৰত আপত্তিজনক সামগ্ৰী নিক্ষেপ কৰি ৰঙা ঘৰৰ আলহী দুজন

ধৰ্মীয় স্থানৰ দান-পাত্ৰত আপত্তিজনক লিখনি আৰু ক'ন্ডম সুমুৱাই ৰঙা ঘৰৰ আলহী হ’ল দুজন ৷ কৰ্ণাটকৰ মাংগালুৰুত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ৷

Police on Thursday  arrested two accused:  Who put objectionable writings and condoms in donation boxes
মন্দিৰৰ দান পাত্ৰত আপত্তিজনক সামগ্ৰী নিক্ষেপ কৰি ৰঙা ঘৰৰ আলহী দুজন

নেশ্যনেল ডেস্ক,2 এপ্ৰিল: ধৰ্মীয় স্থানৰ দান পাত্ৰত আপত্তিজনক লিখনি আৰু ক'ন্ডম নিক্ষেপ কৰি ৰঙা ঘৰৰ আলহী হ’ল দুজন ৷ কৰ্ণাটকৰ মাংগালুৰুত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ৷ দক্ষিণ কানাড়া জিলাৰ শ্ৰী বাবু স্বামী দৈৱস্থানৰ পৱিত্ৰতা নাশৰ অভিযোগত আব্দুল ৰহিম আৰু আব্দুল তৌফিক নামৰ দুগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

যোৱা কেইমাহ মানত দুৰ্বৃত্তসকলে কোৰাগজজা দৈভাৰ দান বাকচত আপত্তিজনক লিখা আৰু কন্ডম নিক্ষেপ কৰাৰ প্ৰায় চাৰিটা ঘটনা পোহৰলৈ আহিছিল ৷ এই সন্দৰ্ভত পাদেশ্বৰ, কাদ্ৰী আৰু উলাল আৰক্ষী থানাত ইতিমধ্যেই ৰুজু কৰা হৈছিল গোচৰ । কিছুদিন আগত একেই অপৰাধত জড়িত আন এজন দুৰ্বৃত্ত নৱাজৰ মৃত্যু হৈছিল অসুস্থতাৰ ফলত । এইয়া দেৱতাৰ অভিশাপ বুলি সন্দেহ কৰি বৰ্তমানে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজনে দৈৱস্থানলৈ আহি প্ৰকাশ কৰে যে, তেওঁলোকে কিছু অপকৰ্ম সংঘটিত কৰিছে আৰু তেওঁলোকে কৰা কামৰ বাবে ক্ষমা মাৰ্জনা বিছাৰে।

পিছত, দুয়োৰে এই স্বীকাৰোক্তিক ভিত্তি কৰি স্থানীয় ৰাইজে দুয়োকে আৰক্ষীৰ হাতত গতাই দিয়ে ৷

লগতে পঢ়ক:দীপ সিদ্ধুৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিলে আদালতে

ABOUT THE AUTHOR

...view details