অসম

assam

ETV Bharat / bharat

কিয় চাকিলাৰ পৰিয়ালে গাপ দিছিল তেওঁ গুলীবিদ্ধ হোৱাৰ ঘটনাটো ? - ট্ৰালৰ দৰগানি গাণ্ড অঞ্চল

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ দৰগানি গাণ্ড অঞ্চলত এগৰাকী মহিলাক গুলীবৰ্ষণ কোনো অচিনাকী দুৰ্বৃত্তৰ । ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত জম্মু-কাশ্মীৰ আৰক্ষীৰ ।

জম্মু-কাশ্মীৰত মহিলাক গুলীবৰ্ষণ অচিনাকী দুৰ্বৃত্তৰ
জম্মু-কাশ্মীৰত মহিলাক গুলীবৰ্ষণ অচিনাকী দুৰ্বৃত্তৰ

By

Published : Apr 17, 2021, 2:20 PM IST

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ দৰগানি গাণ্ড অঞ্চলত এগৰাকী মহিলাক গুলীবৰ্ষণ কোনো অচিনাকী দুৰ্বৃত্তৰ । শুকুৰবাৰে নিশা মহিলাগৰাকীক গুলীয়াই কোনো দুৰ্বৃত্তই । সম্প্ৰতি আৰিপাল অঞ্চলৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী । এই ঘটনাৰ পাচতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ভুক্তভোগী মহিলাগৰাকী চাকিলা বানু (৩৬) বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, চাকিলা বানুৰ স্বামী আৰু শহুৰেকে উক্ত ঘটনাটো গাপ দি ৰাখিছিল । মহিলাগৰীৰ অৱস্থা সংকটজনক হোৱা স্বত্বেও এই কথা প্ৰকাশ কৰা নাছিল চাকিলাৰ পৰিয়ালৰ লোকে । চাকিলাই অত্যন্ত পেটৰ বিষ আৰু হৃদৰোগত আক্ৰান্ত বুলি কোৱাত শ্ৰী মহাৰাজা হৰি সিং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাচত ভুক্তভোগীগৰাকীৰ ঘৰত উপস্থিত হয় তালাচী অভিযান চলাই গুলীটো উদ্ধাৰ কৰে । বৰ্তমানেও তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক: দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক

ABOUT THE AUTHOR

...view details