অসম

assam

ETV Bharat / bharat

দীপ সিদ্ধুৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বিট দাখিল আৰক্ষীৰ

গণতন্ত্ৰ দিৱসত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত দীপ সিদ্ধু(DEEP SIDHU) আৰু আন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বিট(SUPPLEMENTARY CHARGE SHEET) দাখিল কৰিলে দিল্লী আৰক্ষীয়ে । কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত এই হিংসাত্মক ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে অভিযুক্ত সিদ্ধুক যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ।

Police files supplementary charge against Deep sidhu and others
দীপ সিদ্ধুৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বিট দাখিল আৰক্ষীৰ

By

Published : Jun 17, 2021, 6:47 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুন: দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে অভিনেতা দীপ সিদ্ধু(DEEP SIDHU) আৰু আন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা(SUPPLEMENTARY CHARGE SHEET) দাখিল কৰে । মুখ্য মহানগৰ দণ্ডাধীশ গজেন্দ্ৰ সিং নাগৰে ১৯ জুনৰ দুপৰীয়া ২ বজাত নতুন অভিযোগনামাৰ শুনানি গ্ৰহণ কৰিব ।

আদালতে প্ৰকাশ কৰা মতে, গণতন্ত্ৰ দিৱসত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ গোচৰৰ তদন্তকাৰী বিষয়াই গুৰুতৰভাৱে আহত সাক্ষীসকলৰ নাম আদালতক জানিবলৈ দিছে আৰু সাক্ষী হিচাপে থকা আৰক্ষী জোৱানৰ পৰা অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লোৱা হৈছিল । যোৱা ২৬ জানুৱাৰীত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকে ট্ৰেক্টৰ ৰেলী(TRACTOR RALLY) উলিওৱাৰ সময়ত প্ৰতিবাদকাৰী কৃষকসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু লালকিল্লাত প্ৰৱেশ কৰে ।

প্ৰতিবাদী কৃষকে বহুকেইজন আৰক্ষী বিষয়া-জোৱানকো আক্ৰমণ কৰে । বৰ্তমান দিল্লী আৰক্ষীৰ অপৰাধ শাখাক গোচৰটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে । ১৭ মে'ত আৰক্ষীয়ে ৩,২২৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে আৰু সিদ্ধুকে ধৰি ১৬ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ।

উল্লেখ্য যে, এই হিংসাত্মক ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে অভিযুক্ত সিদ্ধুক যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল । লালকিল্লাত বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে দীপ সিদ্ধুৰ বিৰুদ্ধে ।

লগতে পঢ়ক:প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান

ABOUT THE AUTHOR

...view details