নেশ্যনেল ডেস্ক, 25 অক্টোবৰ :দেশজুৰি উলহে মালহেৰে পালন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী (Diwali celebrated across India)৷ আতচবাজী, ফটকা, ফুলজাৰিয়ে আমাৰ বায়ুমণ্ডল প্ৰদুষিত কৰি অহাৰ বাবে বাৰে বাৰে সাৱধানতা অৱলম্বন কৰাৰ পিছতো একাংশ লোকে দীপাৱলীৰ আনন্দ উছাহৰ মাজত পৰিৱেশো প্ৰদূষিত কৰি আহিছে ৷ সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইতো উদযাপন কৰা হৈছে দীপাৱলী ৷ এতিয়া দেৱালীৰ পিছতে ভয়ংকৰ বায়ু প্ৰদূষণ হৈছে চেন্নাইত (Poor air quality after Diwali in Chennai) ৷
চৰকাৰী পৰিসংখ্যা অনুসৰি দেৱালী উদযাপনৰ পিছতে চেন্নাইৰ বায়ুমণ্ডলৰ মানদণ্ড হ্ৰাস পাইছে ৷ ৰাজ্য প্ৰশাসনে বাৰম্বাৰ নিয়ম নিৰ্দেশনা জাৰি কৰাৰ পিছতে আতচবাজী নিয়ন্ত্ৰণ উলংঘন (Cracker regulation violation) কৰাৰ বাবে আৰক্ষীয়ে 300 টাকৈ গোচৰ ৰুজু কৰিছে (Police file over 300 cases) ৷
মহানগৰ আৰক্ষীয়ে বিভিন্ন উলংঘন সন্দৰ্ভত 354 টা গোচৰ পঞ্জীয়ন কৰিছে (354 cases regarding various violations)৷ যাৰ ভিতৰত আছে ফটকা ফুটাবলৈ অনুমতি দিয়া সময়সীমা, দুপৰীয়ালৈকে তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (টিএনপিচিবি)(Tamil Nadu Pollution Control Board ) ৱেবছাইটত আপলোড কৰা পৰিসংখ্যা অনুসৰি, চহৰ আৰু ইয়াৰ চাৰিওফালৰ বেছিভাগতে বায়ুৰ মানদণ্ড হ্ৰাস পাইছিল ৷ বায়ুত পিএম 2.5 (ব্যাসৰ 2.5 মাইক্ৰনতকৈ কম কণিকা পদাৰ্থ) ( (particulate matter less than 2.5 microns in diameter) )ৰ পৰিমান অতিমাত্ৰা থকা বাবে এই প্ৰদুষণ হৈছিল বুলি আশংকা কৰিছে ৷