নিউজ ডেস্ক, 29 জুলাই :শুকুৰবাৰে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰে এগৰাকী পাকিস্তানী কিশোৰীক ৷ বিগত তিনি বছৰ ধৰি ৰাজস্থানৰ ছিকাৰ জিলাৰ শ্ৰীমাধোপুৰত থকা পেহীয়েকৰ ঘৰত আছিল কিশোৰীগৰাকী ৷ জানিব পৰা মতে ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে পাকিস্তানলৈ উভতি যোৱাৰ বাবে টিকট বুকিং কৰিবলৈ আন দুজন লোকৰ সৈতে বিমানবন্দৰৰ বুকিং অফিচলৈ গৈছিল ৷ পাকিস্তানলৈ বিমানৰ টিকটৰ ব্যৱস্থা কৰাৰ বাবে দুয়োজন লোকৰ সহায় লৈছিল কিশোৰীগৰাকীয়ে ৷
কিশোৰীগৰাকীয়ে পাকিস্তানলৈ যোৱা বিমানৰ টিকট ক্ৰয় কৰিবলৈ ভিছা বা পাছপ’ৰ্টৰ দৰে কোনো বৈধ নথি-পত্ৰ লৈ যোৱা নাছিল ৷ জয়পুৰ বিমানবন্দৰৰ আৰক্ষীয়ে যেতিয়া তেওঁক কোনো ধৰণৰ পাছপ’ৰ্ট, ভিছা নোহোৱাকৈ ভাৰত ভ্ৰমণ কৰাৰ কথা সোধাত তেওঁ সন্তোষজনক উত্তৰ দিব পৰা নাছিল ৷ সেয়েহে কিশোৰীগৰাকীৰ সৈতে লগত অহা ব্যক্তি দুজনকো আৰক্ষীয়ে বিমানবন্দৰতে আটক কৰে ৷