অসম

assam

ETV Bharat / bharat

Police Commemoration Day : ত্ৰিপুৰাত আৰক্ষী স্মৰণ দিৱস উদযাপন - Tripura Chief Minister Manik Saha

সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো আজি উপযুক্ত মৰ্যাদাৰে আৰক্ষী স্মৰণ দিৱস উদযাপন কৰা হয় (Police Commemoration Day celebrated today) । এই উপলক্ষে মূল অনুষ্ঠান আগৰতলাৰ অৰুন্ধতীনগৰৰ পুলিচ লাইনছৰ মনোৰঞ্জন দেৱবৰ্মা স্মৃতি ষ্টেডিয়ামত আয়োজন কৰা হয় (Police Commemoration Day in Tripura) ।

Tripura
Tripura

By

Published : Oct 22, 2022, 4:16 PM IST

আগৰতলা, ২২ অক্টোবৰ :সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো আজি উপযুক্ত মৰ্যাদাৰে আৰক্ষী স্মৰণ দিৱস উদযাপন কৰা হয় (Police Commemoration Day celebrated today) । এই উপলক্ষে মূল অনুষ্ঠান আগৰতলাৰ অৰুন্ধতীনগৰৰ পুলিচ লাইনছৰ মনোৰঞ্জন দেৱবৰ্মা স্মৃতি ষ্টেডিয়ামত আয়োজন কৰা হয় (Police Commemoration Day in Tripura) । অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ মাণিক সাহাই (Tripura Chief Minister Manik Saha) স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰি কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা সকলো আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তাৰ পিছতে মুখ্য সচিব জে কে সিনহা, আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জন আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আৰক্ষী স্মৰণ দিৱসৰ কাৰ্যসূচীত ১ ছেপ্টেম্বৰ, ২০২১ ৰ পৰা ৩১ আগষ্ট, ২০২২ লৈ কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ২৬৪ জন আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Police Remembrance Day at Agartala) ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অনুষ্ঠান আয়োজন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ সাহাই কয় যে দেশৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ প্ৰাণত্যাগ কৰা বীৰ সৈনিকসকলৰ পৰিয়ালৰ কাষত চৰকাৰে সদায় থিয় দিব । "আৰক্ষী আমাৰ সমাজৰ এক অপৰিহাৰ্য অংশ । তেওঁলোকে মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ দিন-ৰাতি ব্যস্ত থাকে । ১৯৫৯ চনৰ আজিৰ দিনটোতে লাডাখত চীনা সেনাৰ আক্ৰমণত বহুকেইজন ভাৰতীয় সৈন্য শ্বহীদ হৈছিল । উক্ত দিনটো স্মৰণীয় কৰি ৰাখিবলৈ আৰক্ষী স্মাৰক দিৱস পালন কৰা হয় ।" তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যোৱা এটা বছৰত দেশত কৰ্তব্যৰত অৱস্থাত ২৬৪ জন আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হৈছে । তেওঁলোকৰ ভিতৰত ৰাজ্যিক আৰক্ষীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক সত্যজিৎ মল্লিক ৰাজ্যখনৰ খোৱাই জিলাৰ কৰ্মক্ষেত্ৰত দায়িত্ব পালন কৰি থকা অৱস্থাত শ্বহীদ হয় । মুখ্যমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত পৰিদৰ্শক শ্বহীদ সত্যজিৎ মল্লিকৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ পৰিয়ালৰ সৈতে শোক প্ৰকাশ কৰে । তেওঁ কয় যে শ্বহীদ সত্যজিৎ মল্লিকৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি ।

লগতে পঢ়ক :Sharad Pawar to participate in Bharat Jodo Yatra: শৰদ পাৱাৰে অংশ ল’ব ভাৰত জোড়ো যাত্ৰাত

ABOUT THE AUTHOR

...view details