নিউজ ডেস্ক, ২৮ আগষ্ট :পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ এটা অবৈধ আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে । আনহাতে, বিস্ফোৰণত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে । এটা পুখুৰীৰ পৰা আৰু এটা মৃতদেহ উদ্ধাৰ হোৱা বুলি সোমবাৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে । ইয়াৰ উপৰি বহুকেইজন আহতৰ চিকিৎসালয়ত চিকিৎসা চলি আছে ।
গ্ৰেপ্তাৰ কৰা ব্যক্তিজন অবৈধ আতচবাজী কাৰখানাৰ গৰাকীৰ অংশীদাৰ বুলি আৰক্ষীয়ে জনাইছে । আনহাতে, দত্তপুকুৰ আৰক্ষী থানাৰ অন্তৰ্গত নীলগুঞ্জৰ মোশপোলৰ পৰিস্থিতি সোমবাৰে শান্ত হৈ আছে । অৱশ্যে সোমবাৰে এটা পুখুৰীৰ পৰা মুণ্ডহীন মৃতদেহটো উদ্ধাৰ কৰা হয় । আনহাতে, তেওঁৰ মূৰটো চুবুৰীয়া ঘৰৰ চোতালৰ পৰা উদ্ধাৰ কৰা বুলি আৰক্ষী বিষয়াজনে কয় । ইয়াৰ উপৰি বিস্ফোৰণস্থলীৰ চৌপাশৰ এলেকাবোৰৰ পৰা এখন হাত আৰু দুটা আঙুলিও উদ্ধাৰ হয় ।
"ওৰে নিশা অনুসন্ধান অভিযান অব্যাহত আছিল । অৱশ্যে অঞ্চলটোত পোহৰৰ অভাৱ আছিল । আনহাতে, অঞ্চলটোত বিশাল পৰিমাণৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ থকাৰ ফলত আমাৰ বাবে অনুসন্ধান অভিযান কঠিন হৈ পৰিছিল । আমি এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ । তেওঁ কাৰখানাটো চলাই থকা ব্যক্তিজনৰ ব্যৱসায়িক অংশীদাৰ আছিল ।" বাৰাসাত আৰক্ষী জিলাৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই পিটিআইক ফোনযোগে জনায় ।