নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: দিল্লীৰ প্ৰহ্লাদপুৰত পিতৃৰ নিকৃষ্ট কামনাৰ বলি হ'ল ৪ বছৰীয়া কণমানি । পিতৃ-কন্যাৰ পৱিত্ৰ সম্পৰ্ক কলুষিত কৰি কণমানিজনীক ধৰ্ষণ কৰিলে পাষাণ পিতৃয়ে । যোৱা অক্টোবৰ মাহত দিল্লীৰ প্ৰহ্লাদপুৰস্থিত বাসগৃহত পিতৃ-মাতৃৰ সৈতে আছিল কণমানিজনী । সেই সময়তে নিজৰ সন্তানকে ধৰ্ষণ কৰিলে নৰপিশাচৰূপী পিতৃয়ে ।
ইয়াৰ পিছতে কণমানিজনীৰ মাতৃয়ে আৰক্ষীক অভিযোগ দিবলৈ চেষ্টা কৰিছিল যদিও লোকজনে নিজৰ পত্নীৰ ওপৰতো নিৰ্যাতন চলায় আৰু ধমক দিয়ে । ইয়াৰ পিছতে কণমানিজনীক মাতৃয়ে নিজ গৃহলৈ পঠিয়াই দিয়ে আৰু আইতাকে আৰক্ষী থানাত গোচৰ ৰুজু কৰে । আইতাকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পাষাণ পিতৃক গ্ৰেপ্তাৰ কৰে ।