অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত তিনি তেলেংগানা যুৱক আৰু নজন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ - ভাৰত - বাংলাদেশ সীমান্ত

তিনি গৰাকী তেলেংগানা যুৱক আৰু ন গৰাকী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ ৷ আটাইকেইজন লোকেই হাকিমপুৰ সীমান্ত অঞ্চলেৰে বাংলাদেশত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলোৱাৰ অভিযোগ ৷ বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা অনুপ্ৰৱেশকাৰী কেইগৰাকীয়ে নিজকে বাংলাদেশৰ নাগৰিক হিচাপে চিনাকী দিয়াৰ লগতে আৰু ভাৰতলৈ কামৰ সন্ধানত আহিছিল বুলি জানিবলৈ দিয়ে ৷

পশ্চিমবংগত তিনি তেলেংগানা যুৱক আৰু নজন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ
পশ্চিমবংগত তিনি তেলেংগানা যুৱক আৰু নজন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

By

Published : Nov 6, 2020, 1:48 PM IST

উত্তৰ 24 পৰগণা জিলা (পশ্চিমবংগ) :ভাৰত - বাংলাদেশ সীমান্তত তিনিগৰাকী তেলেংগানা যুৱকৰ লগতে নগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে ৷ শুকুৰবাৰে ভাৰত বংলাদেশ সীমান্তৰ উত্তৰ 24 পৰগণাৰ স্বৰূপনগৰ আৰক্ষী থানা অন্তৰ্গত হাকিমপুৰত এই সকল অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷

আৰক্ষী আৰু সীমা সুৰক্ষা শক্তিৰ (বিএচএফ) সূত্ৰই জানিবলৈ দিয়া মতে তেলেংগানাৰ তিনি যুৱকে হাকিমপুৰ সীমান্ত অঞ্চলদি বাংলাদেশত প্ৰৱেশৰ বাবে চেষ্টা চলোৱাৰ সময়তে বিএচএফ ৰ 112 বেটেলিয়নৰ সৈন্যই কৰায়ত্ব কৰে ৷

বাংলাদেশত প্ৰৱেশৰ বাবে তেলেংগানাৰ লোক কেইগৰাকীৰ হাতত কোনো বৈধ নথি পত্ৰ নথকাৰ বাবে বিএচএফ ৰ সৈন্যই লোক কেইগৰাকীক আটক কৰি স্বৰূপনগৰ আৰক্ষীক গটাই দিয়ে ৷ ইফালে বাংলাদেশত প্ৰৱেশৰ বাবে চেষ্টা কৰা অন্য নগৰাকী লোকৰ লগতে হাকিমপুৰ অঞ্চলৰ পৰা দুটা শিশুক আটক কৰি আৰক্ষীক গটাই দিয়া হয় ৷ এই লোক কেইগৰাকীৰ হাততো ভাৰতত প্ৰৱেশৰ বাবে কোনো ধৰণৰ বৈধ নথি নথকাৰ অভিযোগ ৷

বাছিৰহাট আদালতৰ ন্যয়াধীশে অনুপ্ৰৱেশকাৰীসকলক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে ৷ গ্ৰেপ্তাৰ হোৱা বাংলাদেশৰ নাগৰিক কেইজনে জানিবলৈ দিয়ে যে তেওঁলোকে জীৱিকাৰ সন্ধানত ভাৰতত প্ৰৱেশ কৰিছিল ৷ অৱশ্যে তেলেংগানাৰ যুৱক কেইজনে কি কাৰণত বাংলাদেশত প্ৰৱেশ কৰিব চেষ্টা কৰিছিল সেই সম্পৰ্কে কোনো তথ্য লাভ কৰা নাই ৷

লগতে পঢ়ক:CBIক হাথৰছ কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ লক্ষ্ণৌ আদালতৰ

ABOUT THE AUTHOR

...view details