নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: বৃহস্পতিবাৰে নিশা সংঘটিত এক অঘটনে শোকৰ ছাঁ পেলাইছে ৰাজস্থানৰ পোখৰাণ ফায়াৰিং ৰেঞ্জত । নিশা পোখৰাণ ফায়াৰিং ৰেঞ্জত বোমা বিস্ফোৰণত মৃত্যু হয় এজন যুৱকৰ । জানিব পৰা মতে, ৰবীন্দ্ৰ জাট নামৰ ২৩ বছৰীয়া যুৱকজনে পোখৰাণ ফায়াৰিং ৰেঞ্জত শ্ৰমিক হিচাপে কাম কৰিছিল ।
উক্ত নিশা পোখৰাণ ফায়াৰিং ৰেঞ্জত বোমাৰ স্ক্ৰেপ হাতত তুলি লোৱাৰ পিছতে সক্ৰিয় হৈ থকা এটা বোমা বিস্ফোৰিত হয় । ফলত থিতাতে যুৱকজনৰ মৃত্যু হয় । বিস্ফোৰণৰ পিছত লোকজনৰ শৰীৰটো বিকৃত হৈ পৰা দেখা গৈছিল । মৃত যুৱকজন ধন্দহালা আৰক্ষী থানাৰ অন্তৰ্গত গংগানগৰৰ বাসিন্দা হংসাৰাম জাটৰ পুত্ৰ ।
ৰবীন্দ্ৰক এজন ব্যক্তিগত ঠিকাদাৰে স্ক্ৰেপ তোলাৰ কামত নিযুক্ত কৰিছিল । বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । পিছত মৃতদেহটো আৰক্ষীয়ে পৰিয়ালক গটাই দিয়ে ।
পেখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জ হৈছে গোটেই বছৰ ধৰি সেনাই সামৰিক অনুশীলন চলোৱা এক স্থান । অনুশীলন শেষ হোৱাৰ পিছত স্ক্ৰেপ আদি সামগ্ৰী সংগ্ৰহৰ কাম কৰাৰ বাবে চুক্তি অনুসৰি ঠিকাদাৰক দায়িত্ব দিয়া হয় । কেতিয়াবা অনুশীলনৰ সময়ত এনেদৰে বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হয় পেখৰাণ ফায়াৰিং ৰেঞ্জত ।
লগতে পঢ়ক:টীকাকৰণ অভিযান সুচাৰুৰূপে চলোৱাৰ প্ৰয়াস দিল্লী চৰকাৰৰ