অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত মেথোনৰ ছাল, মাংসসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত মেথোনৰ ছালসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰে বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে । ধৃত চোৰাংচিকাৰীটোৰ পৰা মেথোনৰ মাংসও জব্দ কৰা হয় । শুক্ৰবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল আকাশ ত্ৰিপুৰা নামৰ চোৰাংচিকাৰীটোক আৰু আদালতে জামিন আবেদন মঞ্জুৰ কৰে ১৯ বছৰীয়া আকাশৰ ।

ত্ৰিপুৰাত মেথোনৰ ছাল, মাংসসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ
ত্ৰিপুৰাত মেথোনৰ ছাল, মাংসসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

By

Published : Apr 3, 2021, 9:04 PM IST

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: ত্ৰিপুৰাত বন বিভাগৰ জালত পৰিল এটা চোৰাংচিকাৰী । আকাশ ত্ৰিপুৰা নামৰ ১৯ বছৰীয়া চোৰাংচিকাৰীটোৰ পৰা বন বিভাগে জব্দ কৰিছে ৪.৫ কিলোগ্ৰাম ওজনৰ মেথোনৰ ছাল আৰু মাংস । বন বিষয়া সংগম বৈদ্যৰ নেতৃত্বত তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীয়ে ৰাজনগৰ ব্লকৰ পৰা চোৰাংচিকাৰীটোক গ্ৰেপ্তাৰ কৰে ।

বিলুপ্ত হ'বলৈ ধৰা বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধি কৰাৰ উপায় বিচাৰিবলৈ অধ্যয়ন কৰাৰ বাবে তৃষ্ণা অভয়াৰণ্যত মেথোন সুৰক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ পৰিকল্পনা কৰি থকাৰ সময়তে মেথোনৰ মাংস আৰু ছাল উদ্ধাৰ হোৱা ঘটনাই এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । শুক্ৰবাৰে আকাশ ত্ৰিপুৰা নামৰ চোৰাংচিকাৰীটোক বেল'নিয়া আদালতত হাজিৰ কৰোৱা হৈছিল । কিছুমান চৰ্ত সাপেক্ষে আদালতে আকাশৰ জামিন আবেদন মঞ্জুৰ কৰে ।

ত্ৰিপুৰাত মেথোনৰ ছাল, মাংসসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

বন বিষয়া কৃষ্ণ মজুমদাৰে এই সন্দৰ্ভত কয় যে, মেথোন চিকাৰৰ ঘটনাৰে কোন কোন লোক জড়িত হৈ আছে সেয়াও এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই । তেওঁ কয় যে, এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে আৰু শীঘ্ৰেই সকলো তথ্য পোহৰলৈ আহিব । জব্দকৃত মেথোনৰ ছাল আৰু মাংসৰ নমুনাৰ ফৰেনচিক পৰীক্ষাৰ বাবে পশু চিকিৎসা পৰীক্ষাগাৰলৈ নমুনা প্ৰেৰণ কৰিবলৈও বন বিভাগক আদালতে অনুমতি প্ৰদান কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

স্থানীয় এক সূত্ৰই জনোৱা মতে, অভয়াৰণ্যত কৰ্মৰত লোকৰ সহায় অবিহনে বন সুৰক্ষিত ভূমিত চোৰাংভাৱে মেথোনৰ চিকাৰ কৰা অসম্ভৱ । এই ঘটনাই বৰ্তমানেও চোৰাংচিকাৰীৰ দপদপনি অব্যাহত থকাৰ কথা স্পষ্ট কৰিছে । আনহাতে, অভিযুক্ত আকাশ ত্ৰিপুৰাৰ বিৰুদ্ধে ভাৰতীয় বন আইনৰ ধাৰা আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫০ নং আৰু ৫১ নং ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে ।

লগতে পঢ়ক:গ্ৰেটাৰ টিপ্ৰালেণ্ড গঠনৰ হুংকাৰ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ

ABOUT THE AUTHOR

...view details