নেশ্যনেল ডেস্ক,২০ জুলাই :মণিপুৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । হিংসাত্মক ঘটনাই প্ৰায় ৩ মাহ অতিক্ৰম কৰাৰ সময়ত শাসকীয় চৰকাৰে ব্যৰ্থতাৰ পৰিচয় দিছে ! যাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা বিজেপিক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে । ইয়াৰ মাজতে বুধবাৰে মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে । যাক লৈ পুনৰ এবাৰ ক্ষোভিত হৈ পৰিছে বিৰোধী দলসমূহ ।
মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি সমদল উলিওৱা ভিডিঅ' পোহৰলৈ অহাৰ পাছত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই ।
ৰাহুল গান্ধীয়ে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ নীৰৱতা আৰু নিষ্ক্ৰিয়তাই উত্তৰ-পূবৰ ৰাজ্যখনত অৰাজকতাৰ সৃষ্টি কৰিছে । প্ৰধানমন্ত্ৰীৰ নীৰৱতাক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে । ইফালে মণিপুৰৰ এই আক্ৰমণক লৈ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স চমুকৈ 'INDIA' নীৰৱ হৈ নাথাকে বুলিও তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীয়ে দাবী কৰা মতে তেওঁ মণিপুৰৰ জনসাধাৰণৰ সৈতে আছে ।