নেশ্যনেল ডেস্ক,৭ জানুৱাৰী :পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটিৰ বিষয়টোৱে ইতিমধ্যে দেশজুৰি চৰ্চা লাভ কৰিছে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰাৰ লগতে বিষয়টো তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ে এক বিশেষ সমিতি গঠন কৰিছে । গৃহ মন্ত্ৰালয়ৰ এই বিশেষ তিনিজনীয়া সমিতিখনত আছে কেবিনেট সচিবালয়ৰ সচিব (নিৰাপত্তা) সুধীৰ কুমাৰ চক্সেনা, চোৰাংচোৱা ব্যুৰ'ৰ যুটীয়া সঞ্চালক বলবীৰ সিং আৰু বিশেষ সুৰক্ষা গোটৰ আইজি এছ সুৰেশ ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফিৰোজপুৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা উলংঘনৰ বিষয়টো তদন্তৰ বাবে শুকুৰবাৰে তিনিজনীয় সমিতিৰ দলটো উপস্থিত হয় পঞ্জাৱত । পাঁচখনকৈ জিলাৰ ১৩ গৰাকী বিষয়া লগতে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধাৰ্থ চট্টোপাধ্যায়ক সমিতিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে (MHA panel summons 14 top officials)।
দলটোৱে প্ৰথমে ফিৰোজপুৰৰ ওচৰৰ পেৰায়ানা উৰণীয়া সেতুত উপস্থিত হয় য'ত পাঞ্জাৱ আৰক্ষী আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে । ইয়াৰ পাছতে ৰাজপথত প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ১৫-২০ মিনিট সময় অপেক্ষা কৰিবলগীয়া হোৱা সেই বিশেষ স্থানো পৰিদৰ্শন কৰে দলটোৱে ।