নেশ্যনেল ডেস্ক, ১৬ জুলাই :কৰ'ণাৰ (Corona) দ্বিতীয় ঢৌত যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হৈছে সমগ্ৰ দেশ । দেশৰ ভিন্ন প্ৰান্তত অক্সিজেনৰ নাটনিকে (Oxygen Crisis) ধৰি স্বাস্থ্যসেৱাৰ বহু সমস্যাই জোকাৰি গৈছে ভাৰতক । যাৰ ফলত এই দ্বিতীয় ঢৌত (Second wave) বহু লোকে হেৰুৱাইছে আপোনজনক । কিন্তু ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) এটা টুইটে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ক'ভিড (Covid) পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশংসা কৰি মোডীয়ে এটা টুইট কৰিছিল । এই টুইটৰ পিছতে বিৰোধী কংগ্ৰেছৰ বহু নেতা জাঙুৰ খাই উঠিছে ।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Priyanka Gandhi Vadra) শুকুৰবাৰে এক টুইটযোগে প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰে । কংগ্ৰেছ নেত্ৰীগৰাকীৰ মতে উত্তৰ প্ৰদেশক প্ৰশংসা কৰাটো উচিত হোৱা নাই । প্ৰধানমন্ত্ৰীৰ প্ৰমাণপত্ৰই সকলো কথা লুকুৱাব নোৱাৰে । প্ৰিয়ংকা গান্ধীৰ মতে উত্তৰ প্ৰদেশত দ্বিতীয় ঢৌৰ সময়ত যোগী চৰকাৰৰ আক্ৰমণাত্মক নিষ্ঠুৰতা, অৱহেলা আৰু সুব্যৱস্থা নথকাৰ সত্যতা প্ৰধানমন্ত্ৰী মোডীৰ প্ৰমাণপত্ৰই লুকুৱাব নোৱাৰে ।