নেশ্যনেল ডেস্ক,২০ নৱেম্বৰ :উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাৰ নৱম দিন । যোৱা ৯ দিনে সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । চিল্কিয়াৰা সুৰংগৰ দুৰ্ঘটনাস্থলীত দেশ-বিদেশৰ বিশেষজ্ঞসকলো উপস্থিত হৈছে । সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে বিভিন্ন পৰিকল্পনা কৰা হৈছে । কিন্তু এতিয়ালৈকে সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা হোৱা নাই ।
ইফালে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰামৰ্শদাতা আৰু বিশেষজ্ঞৰ ৫ জনীয়া এটা দলে যোৱা তিনিদিন ধৰি চিল্কিয়াৰা সুৰংগৰ সমীপত শিবিৰ পাতি আছে । দলটোৰ নেতৃত্ব দিছে পিএমঅ'ৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবে আৰু পিএমঅ'ৰ উপ সচিব মংগেশ ঘিলদিয়ালৰ লগতে অন্যান্য বিষয়াসকল । আৰভিএনএল, নৱযুগ, অ'এনজিচি, ৰাজ্যিক পিডব্লিউডি, বিআৰঅ' আৰু টিএইচডিচিৰ দলবোৰে দিনে-ৰাতিয়ে উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ দলটোৱে উদ্ধাৰকাৰী দলসমূহক আবেদন জনাইছে যাতে তেওঁলোকে সোমবাৰে সন্ধিয়াৰ ভিতৰত উদ্ধাৰ অভিযান আৰু ইয়াৰ প্ৰগতিৰ প্ৰতিবেদন প্ৰকাশ কৰে ।