অসম

assam

ETV Bharat / bharat

২৬ ডিচেন্বৰত পাঁচ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য আঁচনি শুভাৰম্ভণি কৰিব মোডীয়ে - স্বাস্থ্য আঁচনিৰ শুভাৰম্ভণি

জন্মু-কাশ্মীৰত পাঁচ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য আঁচনিৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

পাঁচ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য আঁচনিৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
PM will launch SEHAT, health insurance scheme for Jammu and Kashmir on Dec 26

By

Published : Dec 23, 2020, 12:10 PM IST

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: ২৬ ডিচেন্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জন্মু-কাশ্মীৰত 'পি এম জে এ ওৱাই - চেহত (SEHAT )' স্বাস্থ্য আঁচনিৰ শুভাৰম্ভণি কৰিব । ইয়াৰ দ্বাৰা ৰাজ্যখনৰ সকলো পৰিয়ালে বিনামূলীয়া পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব । টুইটাৰযোগে এই কথা জনায় জন্মু-কাশ্মীৰ চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগে ।

বিভাগটোৱে জনায় যে এই স্বাস্থ্য আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ সামাজিক,স্বাস্থ্য, দূৰচিকিৎসাৰ উন্নতি সাধন হ'ব । লগতে পূৰ্বৱৰ্তী ৰাজ্যৰ বাবে এই আঁচনিয়ে এক"ঐতিহাসিক ক্ষণ"ৰ স্বীকৃতি প্ৰদান কৰিব ।

ৰাজ্যখনৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিন্হাৰ কাৰ্যালয়ৰ তৰফৰ পৰা টুইটযোগে কোৱা হৈছে যে এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সকলো লোকে বিনামূলীয়া পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব ।

please change thumbnail image

লগতে পঢ়ক: COVID-১৯ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণঃ লণ্ডনৰ পৰা চেন্নাইলৈ অহা লোক মহামাৰীত আক্ৰান্ত

ABOUT THE AUTHOR

...view details