নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ :‘‘প্ৰধানমন্ত্ৰী মোডীৰ হায়দৰাদৰ গেনম ভেলী ভ্ৰমণে ভাৰত বায়’টেকক কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক ক’ভেক্সিন তৈয়াৰ কৰাত প্ৰেৰণা যোগাব’’ ৷ তেলুগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰকাশ কৰিশে এই মন্তব্য ৷
এক বিবৃতি যোগে তেলুগু দেশম পাৰ্টীয়ে প্ৰধানমন্ত্ৰী মোডীক এই প্ৰেৰণামূলক ভ্ৰমণৰ বাবে ধন্যবাদ জনায় ৷ শনিবাৰে হায়দৰাবাদৰ ভাৰত বায়’টেক ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ বিশেষজ্ঞৰ দলৰ লগতে এই সুবিধাক গ্ল’বেল বায়’টেক হাবত পৰিণত কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰি থকা কৰ্তৃপক্ষকো শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷