অসম

assam

ETV Bharat / bharat

শীঘ্ৰে মুকলি হ’ব RBI ৰ নতুন সেৱা - মোডীয়ে শুভাৰম্ভ কৰিব RBI ৰ দুটা নতুন আঁচনি ৷

প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব RBI ৰ দুখনকৈ নতুন আঁচনিৰ ৷

মোডীয়ে শুভাৰম্ভ কৰিব RBI ৰ দুটা নতুন আঁচনি ৷
গ্ৰাহকলৈ মুকলি হ’ব RBI ৰ নতুন সেৱা

By

Published : Nov 11, 2021, 2:16 PM IST

Updated : Nov 11, 2021, 3:08 PM IST

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে RBI ৰ দুখনকৈ নতুন আঁচনি উদ্বোধন কৰিব ৷ এই অভিনৱ গ্ৰাহক কেন্দ্ৰিক আঁচনি দুখন হৈছে ক্ৰমে খুচুৰা প্ৰত্যক্ষ আঁচনি আৰু একত্ৰিত লোকপাল আঁচনি ৷

বৃহস্পতিবাৰে এক বিবৃতিত PMO এ সদৰী কৰা অনুসৰি, RBI ৰ খুচুৰা প্ৰত্যক্ষ আঁচনিৰ মূল লক্ষ্য হৈছে বজাৰত খুচুৰা বিনিয়োগকাৰীসকলৰ হস্তক্ষেপ বৃদ্ধি কৰা ৷ এই আঁচনিয়ে খুচুৰা বিনিয়োগকাৰীসকলক পোনপটীয়াকৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দ্বাৰা জাৰি কৰা সুৰক্ষা সম্বন্ধীয় আঁচনিত বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিব ৷

বিনিয়োগকাৰীসকলে বিনামূলীয়াকৈ RBI ৰ সৈতে তেওঁলোকৰ চৰকাৰী চিকিউৰিটি একাউণ্টবোৰ অনলাইনত খুলিবলৈ আৰু পৰিচালনা কৰিবলৈ সক্ষম হ’ব ৷ ৰিজাৰ্ভ বেংক-ইণ্টিগ্ৰেটেড লোকপাল আঁচনিয়ে চেণ্ট্ৰেল বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰতিষ্ঠানবোৰৰ অভিযোগ নিষ্পত্তিৰ প্ৰণালী অধিক উন্নতিকৰণক মূল লক্ষ্য হিচাপে ল’ব ৷ গ্ৰাহকৰ অভিযোগ নিষ্পত্তি কৰি সমাধান কৰাই এই আঁচনিৰ মূল লক্ষ্য ৷

PMO এ সদৰী কৰা মতে,, এটা প’ৰ্টেল, এটা ই-মেইল আৰু গ্ৰাহকৰ অভিযোগ দাখিলৰ সুবিধাৰ্থে এটা ডাক ঠিকনাৰে এক ৰাষ্ট্ৰ-এক লোকপালক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ এই আঁচনি গ্ৰাহকৰ মাজলৈ আহিব ৷

গ্ৰাহক সকলৰ বাবে অভিযোগ, নথিপত্ৰ দাখিল তথা অভিযোগ সমূহৰ স্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু মতামত প্ৰদান কৰিবলৈ এই আঁচনিৰ অধীনত এক বিশেষ প্ৰসংগ থাকিব । এটা বহুভাষিক টোল-ফ্ৰী ফোন নম্বৰে অভিযোগ নিষ্পত্তি আৰু অভিযোগ দাখিলৰ বাবে প্ৰয়োজনীয় সকলো বিষয় সামৰি প্ৰাসংগিক তথ্য প্ৰদান কৰিব ।

লগতে পঢ়ক :এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ

Last Updated : Nov 11, 2021, 3:08 PM IST

ABOUT THE AUTHOR

...view details