নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ :নতুন স্থানলৈ স্থানান্তৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় । প্ৰায় ৭ হাজাৰ কৰ্মচাৰীৰ লগতে কেইবাটাও সংগঠন থকা কাৰ্যালয়টো আফ্ৰিকা এভিনিউ আৰু কস্তুৰবা গান্ধী মাৰ্গৰ দুটা নতুন কমপ্লেক্সলৈ স্থানান্তৰ কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই নতুন কাৰ্যালয় ।
দক্ষিণ খণ্ডৰ সমীপৰ ডেলহাউচি ৰোডত থকা কাৰ্যালয়টো স্থানান্তৰ হোৱাৰ লগে লগে খালী ভৱনটো কেন্দ্ৰীয় ভিষ্টা ৰিডেভলপমেণ্টৰ (Central Vista Redevelopment project) অধীনত প্ৰধানমন্ত্ৰীৰ নতুন বাসগৃহ আৰু কাৰ্যালয় হিচাপে পুনৰ নিৰ্মাণ কৰা হ'ব । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় স্থানান্তৰ হোৱাৰ লগে লগে প্ৰায় ৫০ একৰ ভূমি খালী হ'ব বুলি আশা কৰা হৈছে ৷ যাক পৰৱৰ্তী সময়ত কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ বাবে কাৰ্যবাহী এনক্লেভ হিচাপে গঢ়ি তোলা হ'ব । আফ্ৰিকা এভিনিউৰ কাৰ্যালয় চৌহদটো সাত মহলীয়া অট্টালিকা, য'ত কেৱল প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় থাকিব ।
আনহাতে কস্তুৰবা গান্ধী মাৰ্গৰ আঠ মহলীয়া ভৱনটো কেন্দ্ৰীয় সচিবালয় চৌহদত তেওঁলোকৰ নতুন কাৰ্যালয় নিৰ্মাণ নোহোৱালৈকে বৰ্তমান পৰিবহন ভৱন আৰু শ্ৰম শক্তি ভৱনত অৱস্থিত কাৰ্যালয়সমূহ অস্থায়ীভাৱে ব্যৱহাৰ কৰা হ'ব ।