নিউজ ডেস্ক , ২ ফেব্ৰুৱাৰী : স্বাধীনতা আন্দোলনৰ অন্য়তম চাউৰী চাউৰাৰ ঘটনাই ১০০ বছৰত ভৰি দিলে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ৪ ফেব্ৰুৱাৰীত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ চাউৰী চাউৰাৰ শতবাৰ্ষিকী উদ্বোধন কৰিব । স্বাধীনতা আন্দোলনৰ এই বিশেষ ঘটনাৰ স্মৃতিত প্ৰধানমন্ত্ৰী গৰাকীয়ে এটা ডাক মোহৰো মুকলি কৰিব বুলিও এক বিবৃতি যোগে জনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ে । ৰাজ্য় চৰকাৰেও শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে ৰাজ্য়খনৰ ৭৫ খন জিলাত বিভিন্ন কাৰ্যসূচীৰে এই শতবাৰ্ষিকী আৰম্ভ হ'ব আৰু ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত অন্ত পৰিব ।
প্ৰধানমন্ত্ৰীয়ে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠানৰ উদ্বোধন কৰিব - প্ৰধানমন্ত্ৰীয়ে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠানৰ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৪ ফেব্ৰুৱাৰীত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ চাউৰী চাউৰাত 'চাউৰী চাউৰা'ৰ শতবাৰ্ষিকী কাৰ্যসূচী উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠানৰ উদ্বোধন কৰিব
উল্লেখ যে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনৰ একাংশ স্বাধীনতা সংগ্ৰামীক ১৯২২ চনত আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত মৃত্যু হৈছিল । যাৰ বাবে প্ৰতিশোধ লবলৈ একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰি চাউৰী চাউৰা আৰক্ষী থানাত অগ্নি সংযোগ কৰিছিল । এই ঘটনাত বহু লোকৰ মৃত্য়ু হৈছিল । ইফালে ইংৰাজে এই আন্দোলনৰ বহু লোকক মৃত্য়ু দণ্ড দিছিল আৰু একাংশই গোটেই জীৱন কাৰাবাসত থাকিব লগা হৈছিল । এই ঘটনাৰ পিছতে মহাত্মা গান্ধীয়ে এই আন্দোলন বন্ধ কৰিছিল ।
লগতে পঢ়ক :অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য