অসম

assam

ETV Bharat / bharat

দেশবাসীলৈ 35 বিধ শস্য উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে - গ্ৰীণ কেম্পাছ এৱাৰ্ড

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ বৈশিষ্ট্য থকা বিভিন্ন প্ৰকাৰৰ ৩৫ বিধ শস্য দেশবাসীলৈ উৎসৰ্গা কৰিব । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নেশ্যনেল ইনষ্টিটিউট অৱ বায়'টিক ষ্ট্ৰেছ টলাৰেন্সৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM to dedicate 35 crop varieties to nation
বিভিন্ন প্ৰকাৰৰ ৩৫ বিধ শস্য দেশবাসীলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

By

Published : Sep 28, 2021, 11:27 AM IST

Updated : Sep 28, 2021, 12:01 PM IST

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ: জলবায়ু ৰেজিলিয়েণ্ট প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ বৈশিষ্ট সম্পন্ন বিভিন্ন প্ৰকাৰৰ ৩৫ বিধ শস্য দেশবাসীলৈ উৎসৰ্গা কৰিব । আই চি এ আৰ প্ৰতিষ্ঠান, ৰাজ্যিক আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশ লয় ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰায়পুৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ বায়'টিক ষ্ট্ৰেছ টলাৰেন্সৰ নৱনিৰ্মিত চৌহদ উদ্বোধন কৰিব । লগতে কৃষি বিশ্ববিদ্যালয়লৈ প্ৰধানমন্ত্ৰীয়ে 'গ্ৰীণ কেম্পাছ এৱাৰ্ডো' আগবঢ়াব । ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব ।

জলবায়ু পৰিৱৰ্তন আৰু বিভিন্ন সমস্যাৰে মোকাবিলা কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে( Indian Council of Agricultural Research) বিশেষ বৈশিষ্ট্য সম্পন্ন কেইবাবিধো শস্যৰ বিভিন্ন প্ৰকাৰ উৎপাদন কৰিছে । ইয়াৰ ভিতৰত আছে খৰাং বতৰত উৎপাদন কৰিব পৰা বিভিন্ন প্ৰকাৰৰ বুট, পিজন পি, আগতীয়াকৈ পৰিপক্ক হোৱা চয়াবিন, ৰোগ প্ৰতিৰোধী বিভিন্ন প্ৰকাৰৰ চাউল আৰু জৈৱ-ফৰ্টিফাইডসম্পন্ন ঘেঁহু, পাৰ্ল বাজৰা, মাকৈ আৰু বুট, দালিয়া, বাকহুইট, ডানাযুক্ত বীন আৰু ফাবা বীন ।

আনহাতে, এনে কেতবোৰ শস্য আছে যি মানুহ আৰু পশু উভয়ৰে দেহত প্ৰভাৱ পেলায় । বিশেষ বৈশিষ্ট্য থকা অন্যান্য প্ৰকাৰবোৰ চয়াবিন, জোৱাৰ আৰু বেবীকৰ্ণৰ ক্ষেত্ৰত বিকশিত কৰা হৈছে বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে । নেশ্যনেল ইনষ্টিটিউট অৱ বায়'টিক ষ্ট্ৰেছ টলাৰেন্স বিশেষকৈ বায়'টিক ষ্ট্ৰেছৰ সাধাৰণ গৱেষণা আৰু মানৱ সম্পদৰ বিকাশ আৰু নীতিগত সমৰ্থন প্ৰদান কৰাৰ বাবে ৰায়পুৰত স্থাপন কৰা হৈছে । প্ৰতিষ্ঠানটোৱে ২০২০-২১ বৰ্ষৰ শৈক্ষিক বৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে ।

ৰাজ্যিক আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়সমূহক এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে 'গ্ৰীণ কেম্পাছ এৱাৰ্ড' প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছে । ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিজৰ শিক্ষানুষ্ঠানৰ চৌহদ সেউজীয়া আৰু পৰিষ্কাৰ কৰিবলৈ অনুপ্ৰাণিত কৰা হ'ব । ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুসৰি, শিক্ষাৰ্থীসকলক 'স্বচ্ছ ভাৰত মিছন', 'আৱৰ্জনাৰ পৰা সম্পদ মিছন'ৰে জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিব ।

লগতে পঢ়ক: ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ : মমতাক প্ৰশংসা

Last Updated : Sep 28, 2021, 12:01 PM IST

ABOUT THE AUTHOR

...view details