অসম

assam

ETV Bharat / bharat

দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক

অক্সিজেনৰ নাটনিয়ে যাতে পুনৰ বাৰ দেশত উদ্বেগৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) এক উচ্চ স্তৰৰ বৈঠকৰ আয়োজন কৰিছে । জানিব পৰা মতে শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক । এই বৈঠকত অক্সিজেন উৎপাদন আৰু যোগান সন্দৰ্ভত আলোচনা হ'ব বুলি সূত্ৰই জনাইছে ।

oxygen across country
দেশৰ অক্সিজেন নাটনিকলৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক

By

Published : Jul 9, 2021, 2:06 PM IST

নেশ্যনেল ডেস্ক, ৯ জুলাই :ক'ভিডৰ দ্বিতীয় ঢৌত (Second wave) বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছে ভাৰত । বিশেষকৈ এপ্ৰিল-মে' মাহত ক'ভিডে (Covid) ভয়ংকৰ ৰূপ লৈছিল ভাৰতৰ বিভিন্ন ৰাজ্যত । এই দ্বিতীয় ঢৌত চিকিৎসা সেৱাত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছিল । বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰীৰ নাটনি সমগ্ৰ ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছিল ।

ইয়াৰ ভিতৰত বিশেষকৈ অক্সিজনেৰ নাটনি (Oxygen) আছিল অন্যতম । বহু ৰাজ্যক অক্সিজেনৰ নাটনিৰ ফলত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি সেয়া সকলোৰে জ্ঞাত । বহু লোকে অক্সিজেন নাপাই হাহাকাৰ কৰিবলগীয়া হৈছিল । একোটা অক্সিজেন চিলিণ্ডাৰৰ বাবে বহু ঠাইত তীব্ৰ সংকটে দেখা দিছিল ।

আনকি দুগুণ তিনিগুণ দামত বহুতে ক্ৰয় কৰিবলগীয়া হৈছিল অক্সিজেন চিলিণ্ডাৰ । আনকি চৰকাৰে সকলো ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিলেও অক্সিজেন নাটনিৰ সমস্যা দূৰ কৰাত বিফল হৈছিল ।

তেনে সময়ত আনকি বিদেশৰ পৰা ৰপ্তানি কৰা হৈছিল অক্সিজেন । সংকটৰ সময়ত বিশ্বৰ বহু দেশে ভাৰতৰ সৈতে থিয় দিছিল আৰু বিশেষকৈ চিকিৎসা সামগ্ৰীৰ লগতে ভাৰতলৈ অক্সিজেন যোগান ধৰিছিল । ভাৰত চৰকাৰেও বিভিন্ন ৰাজ্যত ততাতৈয়াকৈ অক্সিজেন প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ক্ৰমান্বয়ে এই সমস্যাৰ পৰা ভাৰতে কিছু সকাহ পাবলৈ ধৰিলে । এতিয়া সমগ্ৰ দেশতে এই ক্ষেত্ৰত সুস্থিৰ অৱস্থাই বিৰাজ কৰিছে ।

কিন্তু এতিয়াও এই সমস্যা সম্পূৰ্ণ সমাধান হোৱা নাই । যাৰ বাবে শংকিত হৈ আছে কেন্দ্ৰীয় চৰকাৰ । ইফালে কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ ইংগিত দিছে বিশেষজ্ঞসকলে ।

যাৰ বাবে অধিক তৎপৰ হৈছে ভাৰত চৰকাৰ । বিশেষ অক্সিজেনৰ নাটনিয়ে যাতে পুনৰ বাৰ দেশত উদ্বেগৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) এক উচ্চ স্তৰৰ বৈঠকৰ আয়োজন কৰিছে । জানিব পৰা মতে শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক । এই বৈঠকত অক্সিজেন উৎপাদন আৰু যোগান সন্দৰ্ভত আলোচনা হ'ব বুলি সূত্ৰই জনাইছে ।

লগতে পঢ়ক :খাদ্যৰ অভাৱত সমগ্ৰ বিশ্বত প্ৰতি ১ মিনিটত ১১ জন লোকে প্ৰাণ হেৰুৱায়

ABOUT THE AUTHOR

...view details